সংবাদ প্ৰহৰী, বৰেপটােৰাড, ২৫ ছেপ্টেম্বৰ, ২০১৬ : বৃহত্তৰ বৰপেটাৰােড অঞ্চলক সাঙুৰি সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ এখনি আঞ্চলিক সমিতিৰ প্রয়োজনীয়তা অনুভৱ কৰি সংগঠনটােৰ কেন্দ্রীয় সমিতি আৰু বৰপেটা জিলা সমিতিৰশীর্ষ নেতৃবৃন্দৰ উপস্থিতিত আমছুৰ বৰপেটাৰােড আঞ্চলিক সমিতি গঠণার্থে অহা ২৬/০৯/২০১৬ ইং তাৰিখ (সোমবাৰ) দিনৰ ১ বজাত বৰপেটাৰোড সাহিত্য সভা ভৱনত এখন সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল যদিও বিশেষ অসুবিধাজনিত কাৰণত উক্ত সভাখন এসপ্তাহৰ বাবে পিছুৱাই দিয়া হয়। উক্ত সভাৰ আহবায়কসকলৰ হৈ হাসমত আলী আৰু ৰবিডল আলমে জানিবলৈ দিয়া মতে কাইলৈৰ সলনি উক্ত সভাখন এসপ্তাহ পিছত নতুন এক স্থানত অনুষ্ঠিত কৰা হ’ব। গতিকে এই সভাৰ উপস্থিত থকাৰ বাবে আমন্ত্ৰণ কৰা সকলো ব্যক্তিক পুনৰ দিন আৰু স্থান নিৰ্ধাৰণ কৰি আমন্ত্রণ জনোৱা হ’ব বুলি আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে।
No comments:
Post a Comment