
সংবাদ প্ৰহৰী, বৰপেটাৰোড, ১৮ ছেপ্টেম্বৰ, ২০১৬ : ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ লগতে বিশেষকৈ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত ধাৰাবাহিক আন্দােলনৰ কাৰ্যসূচী হাতত ল’ব নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ বৰপেটাৰােড আঞ্চলিক সমিতিয়ে। বৰপেটাৰােডৰ খৈৰাবাৰীস্থিত প্রেক্ষাগৃহত আজি দিনৰ ১১ বজাত অনুষ্ঠিত নাগৰিক অধিকাৰ সুৰক্ষা মঞ্চৰ বৰপেটাৰােড আঞ্চলিক সমিতিৰ এক বর্ধিত কাৰ্যনির্বাহক সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়। সংগঠনটােৰ বৰপেটাৰোড আঞ্চলিক সমিতিৰ সভাপতি মোজাম্মেল হক সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰােধৰ দাবীত ধাৰাবাহিক আন্দােলনৰ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত লোৱাৰ লগতে গৰাহখহনীয়া ক্ষতিগ্রস্থ হােৱাৰ লগতে পাৱাৰগ্ৰীডৰ পৰাও প্রাপ্য ক্ষতিপূৰণ লাভ নকৰা লোকসকলৰ কাষ চাপিবলৈ এক সঁজাতি দল গঠন কৰা হয়। মোজাম্মেল হক, মহেজ উদ্দিন, আৰব বাদশাহ, আজাদ আলী, ফজলুৰ ৰহমান, ছাইফুল ইছলাম, হবিবৰ ৰহমান, জহুৰা বেগম, চান্দু মিয়াকে ধৰি সংগঠনটােৰ মুঠ ৯ জন কমীক লৈ গঠন হােৱা উক্ত সঁজাতী দলটােৱে অহা ২৫ ছেপ্টেম্বৰত গৰাহখহনীয়া ক্ষতিগ্রস্থ হােৱাৰ লগতে পাৱাৰ গ্ৰীডৰ পৰাও প্রাপ্য ক্ষতিপূৰণ লাভ নকৰা লোকসকলৰ কাষ চাপি পৰিস্থিতিৰ বুজ লৈ এই সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰক বাধ্য কৰাৰ ক্ষেত্ৰত সংগঠনটােৱে যাৱতীয় গণতান্ত্রিক কার্যপন্থা হাতত ল’ব বুলি সম্পাদক মহেজ উদ্দিনে জানিবলৈ দিয়ে।

No comments:
Post a Comment