নতুন দিল্লী : উত্তৰ প্রদেশ আৰু ৰাজস্থানত কালি প্রবল ধূলিৰ ধুমুহা আৰু তাৰ পাছত হােৱা ধাৰাসাৰ বৰষুণে ব্যাপক ধ্বংসলীলাৰ সৃষ্টিকৰে। ধূলিৰ ধুমুহা আৰু বৰষুণত শতাধিক লােকে প্রাণ হেৰুৱায় । ইয়াৰ উপৰি বৃহৎসংখ্যক ঘৰ-দুৱাৰ ভগাৰ লগতে গছ-গছনি তথা বিদ্যুতৰ খুঁটা ভাগি পৰে। আটাইতকৈ বেছি ক্ষতি হােৱা উত্তৰ প্ৰদেশত প্রায় ৭৩জন লােকৰ মৃত্যু আৰু ৯৭জন লােক আহত হয়। ৰাজস্থানত ৩৬জন লােকৰ মৃত্যু হয়। আনহাতে, মধ্য প্রদেশ আৰু বিহাৰত দুজনকৈ লােকৰ মৃত্যু হােৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুমুহাৰ বেগ আছিল ঘণ্টাত প্রায় ১২০ কিলমিটাৰ। ভালেমান ঠাইত গছগছনি আৰু বিদ্যুতৰ খুঁটা ভাগি পৰাৰ ফলত স্বাভাৱিক জীৱনযাত্রাতাে প্রভাৱ পৰে। ইয়াৰ লগতে পথ যােগাযােগ তথা ৰেলৰ চলাচলতাে ব্যাঘাত জন্মে। উত্তৰ প্ৰদেশত আটাইতকৈ বেছি ক্ষতিসাধন হােৱা আগ্রাত প্রায় ৩৬জন লােকৰ মৃত্যু হােৱা বুলি জানিব পৰা গৈছে। স্থানীয় প্রশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান চলাই থকা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্রী যােগী আদিত্যনাথে মৃতকৰ পৰিয়াললৈ চাৰি লাখ টকাৰ আৰু আহতসকলক ৫০ হাজাৰ টকাৰ এককালীন সাহায্য দিয়াৰ কথা ঘােষণা কৰিছে। ইফালে, ৰাজস্থানৰ ভৰত পুৰত সর্বাধিক ১২জন লােকৰ মৃত্য হয়। ৰাজ্যখনত শতাধিক লােক আহত হােৱা বুলি জানিব পৰা গৈছে। ৰাষ্ট্রপতি ৰামনাথ কবিন্দ আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ধূলিৰ ধুমুহাত নিহতসকলৰ প্রতি গভীৰ শােক প্রকাশ কৰিছে।
Responsive Ads Here
Friday, May 04, 2018
উত্তৰ প্ৰদেশ, ৰাজস্থানত ধূলিৰ ধুমুহা : ১০৯জনৰ প্ৰাণহানি
Tags
# দেশ-বিদেশ
Share This
About Sangbad Prahari
দেশ-বিদেশ
Labels:
দেশ-বিদেশ
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment