লিডু : নিজৰ আত্মীয়ক লগ কৰিবলৈ গৈ বহি:ৰাজ্যত সন্ধানহীন হোৱা এজন যুৱকক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ লিডু অঞ্চলত৷ ঘটনাৰ বিৱৰণী অনুযায়ী তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু চাহ বাগিছাৰ নিবাসী তথা বাগিছা খনৰ স্থায়ী শ্ৰমিক অইবন নাগে যোৱা ১১ মে ২০১৮ তাৰিখে তিনিচুকীয়াৰ পৰা ৰেলেৰে হাৰিয়ানালৈ যাত্ৰ কৰিছিল৷ কিন্তু পৰিতাপৰ কথা যে অইবন নাগে (৪৩) হাৰিয়ানা পোৱাৰ পূৰ্বে অকস্মাৎ দিল্লী ৰেলষ্টেচনৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷পৰিয়ালৰ লোকে দাবী কৰা মতে অতি নম্ৰ প্ৰকৃতিৰ মিঠা বৰনীয়া তথা হিন্দী ভাষা ক’ব পৰা লোকজন কোনোবা দুষ্ট চক্ৰৰ কবলত পৰা সম্ভাৱনা আছে ৷ যদি কোনো সদাশয় ব্যক্তিয়ে ব্যক্তিজনৰ কিবা সম্ভেদ পায় তেন্তে ৯৯৫৪৭৩৪৯৯০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে৷
Responsive Ads Here
Monday, May 21, 2018
বহি:ৰাজ্যত অসমৰ যুৱক সন্ধানহীন
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment