নলবাৰীঃ বিশ্বত্ৰাস কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ পতাকা উৰিল নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ কৈহাটীত। জানিব পৰা মতে, পশ্চিম নলবাৰীৰ শিঙিমাৰা-শােলমাৰাৰডৰ পথাৰৰ মাজত এজোপা গছত পতাকাখন ওলমি থকা ৰাইজে দেখাত অঞ্চলটোত একপ্রকাৰ হুৱাদুৱা লাগে। কৈহাটী নামৰ গাঁওখনৰ পথাৰত বিশ্বৰ কুখ্যাত সন্ত্রাসবাদী সংগঠনৰ পতাকা দেখি আৰক্ষীক খবৰ দিয়ে স্থানীয় লােকে। পাছত আৰক্ষীয়ে পতাকাখন নমাই অনা বুলি ৰাইজে জানিবলৈ দিয়ে। মন কৰিব লগীয়া যে পতাকাখন আইছিছৰ প্রতীক চিহ্নৰ উপৰি আৰবী আখৰবােৰ হাতে লিখা আছিল। ঘটনাটোৱে জিলাৰ আৰক্ষী মহলতাে তীব্র খলকনি লগাইছে। স্থানীয় ৰাইজৰ ভাষ্য মতে, মটৰ চাইকেলত অহা তিনিজন যুৱকে পতাকাখন উৰুৱাই ধ্বনি দি ঠাইখিনিৰ পৰা পলায়ন কৰে। ইফালে ঘটনাৰ সত্যতা আৰক্ষীয়ে অস্বীকাৰ কৰিছে। আৰক্ষীৰ ভাষ্য মতে, ঠাইখিনিত কোনাে ধৰণৰ পতাকা উত্তোলনৰ ঘটনা ঘটা নাই। ঘটনাটো গাপ দিয়াৰ বাবে আৰক্ষীয়ে এই ধৰণৰ ভাষ্য প্রদান কৰা বুলি সচেতন মহলে ব্যক্ত কৰিছে। বুধবাৰে গােৱালপাৰাত আইছিছৰ পতাকা উত্তোলনৰ পাছত একেধৰণৰ ঘটনা নলবাৰীত সংঘটিত হােৱা ঘটনাই ৰাজ্যত মৌলবাদী সংগঠনৰ তৎপৰতা বৃদ্ধি পাইছে নেকি— এই লৈ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্রেক হৈছে।
Responsive Ads Here
Friday, May 04, 2018
গােৱালপাৰাৰ পাছত নলবাৰীত উৰিল বিশ্বত্ৰাস আইছিছৰ পতাকা
Tags
# Regional
Share This
About Sangbad Prahari
Regional
Labels:
Regional
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment