ৰাভা আৰ্টিছ ফৰামৰ তৃতীয় বাৰ্ষিক আৰু বাইখৌ পূজা উৎযাপনৰ প্ৰস্তুতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

ৰাভা আৰ্টিছ ফৰামৰ তৃতীয় বাৰ্ষিক আৰু বাইখৌ পূজা উৎযাপনৰ প্ৰস্তুতি

তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২নং জামুগুৰীত চলিত মাহৰ ২৯ আৰু ৩০ মেত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাভা আৰ্টিছ ফৰামৰ তৃতীয় বাৰ্ষিক আৰু উত্তৰ পশ্চিম বাইখৌ সম্বনয়ৰ উদ্যোগত প্ৰথম বাৰ্ষিক বাইখৌ পূজা উৎযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। ৰাভা জনগোষ্ঠীৰ লোকসকলে ভগৱান শিৱক শৰগত কৰি পৰম্পৰাগত ভাৱে বাইখৌ উৎসৱটি দক্ষিণ পাৰত অৱস্থিত গোৱালপাৰা, দূধনৈ,মেঘালয় আদি অঞ্চলৰ ৰাভা সকলে প্ৰতি বছৰে জেঠ মাহৰ পূৰ্ণিমা তিথিত জাতীয় উৎসৱ হিচাপে পূৰ্বৰে পৰা উৎযাপন কৰি আহিছে। যদিও উত্তৰ পশ্চিম অঞ্চলত বসবাস কৰা ৰাভা সকলৰ মাজত এই উৎসৱটি কৰাল গ্ৰাসত হেৰাই গৈছিল। 
কিন্তু জনজাতীয় লোকসকলৰ মাজৰ পৰা বিলপ্ত হৈ যাব বিচৰা ভাষা সংস্কৃতি সমূহক স্বজাতীয়লোকৰ তৎপৰতাত বৰ্তমানে লাহে লাহে আকৌ প্ৰচলিত হবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে বাইখৌ উৎসৱ উৎযাপন সমিতিয়ে ২নং জামুগুৰীৰ গাঁওত অনুষ্ঠিত হৈ যোৱা এখনী সভাত আদৰণি সমতিৰ সভাপতি হিচাবে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিৰেন ৰাভা আৰু সম্পাদক হিচাপে ৰাজু ৰাভাক লৈ এখনী ৩৩ জনীয়া পূৰ্ণাঙ্গ সমিতি গঠন কৰে। আনহাতে যোৱা ২৭ এপ্ৰিলত জামুগুৰীত আদৰণি সমিতিৰ অস্থায়ী কাৰ্য্যালয় মুকলি কৰে নিখিল ৰাভা ছাত্র সন্থাৰ বাক্সা জিলাৰ শিক্ষা সচিব চুবিন চন্দ্র ৰাভা দেৱে। আয়োজক সমিতিয়ে আশা কৰিছে যে এই বাইখৌ উৎসৱটিয়ে উত্তৰ-পশ্চিমত অঞ্চলত বসবাস কৰা ৰাভা সকলৰ মাজত ভাতৃত্ব আৰু সম্বনয়ৰ বাৰ্তা কঢ়িয়াই আনিব।



No comments:

Post a Comment

SPONSORED