‘মানাস দর্পণ’ পত্রিকা গোষ্ঠীৰ উদ্যোগত বৰপেটা ৰোডত নজৰুল জন্ম জয়ন্তী পালন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 28, 2018

‘মানাস দর্পণ’ পত্রিকা গোষ্ঠীৰ উদ্যোগত বৰপেটা ৰোডত নজৰুল জন্ম জয়ন্তী পালন

বৰপেটাৰোড :  বিদ্রোহী কবি কাজী নজৰুল ইছলামৰ ১২০ তম জন্ম উৎসৱ বিভিন্ন কার্যসূচীৰ মাধ্যমেৰে বৰপেটা ৰোডত পালিত হৈ যায়। ৰাতিপুৱা ১০ বজাত বৰপেটা ৰোডৰ বিভিন্ন ঠাইত গছ পুলি বিতৰণৰে কাৰ্যসূচী আৰম্ভ হয়। সন্ধিয়া ৬ বজাত মানাস দর্পণ পত্রিকাৰ অস্থায়ী কার্য্যালয়ত অনুষ্ঠিত সভা পৰিচালনা কৰে গোষ্ঠীৰ উপদেষ্টা ৱেৱ কন্সাল্ট্যান্ট মাইন উদ্দিন। কবি নজৰুল ইছলামৰ ফটোত মাল্যদান কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সভাপতি জীতেন নাথে। অনুষ্ঠানটিৰ বন্তি প্রজ্বলন কৰে গোষ্ঠীৰ সম্পাদক সমীৰ চক্রৱৰ্তী। 
কবি নজৰুল ইছলামৰ জীৱনৰ ওপৰত সাৰগর্ভ আলোচনা দাঙি ধৰে অধ্যাপক সঞ্জয় সৰকাৰ। অনুষ্ঠানটিত কবিতা আবৃতি কৰি শ্রোতা সকলক মুগ্ধ কৰে- সীমা চক্রবর্তী, মলয় সান্যাল, নবনীতা নাথ, সমীৰ চক্রবর্তী আৰু সাজিদা খাতুন। নজৰুল গীতৰ ওপৰত আলোচনা কৰে পত্রিকাৰ সভাপতি জীতেন নাথে। গান, কবিতা, উক্তিৰ মাজেৰে সঞ্চালক মাইন উদ্দিনে অনুষ্ঠাটোক গাম্ভীর্যপূর্ণ কৰি তোলে। অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই সম্পাদক সমীৰ চক্রৱৰ্তী।

No comments:

Post a Comment

SPONSORED