পাটনা : আগন্তুক ২০১৯ লােকসভা নির্বাচনত আৰজেডিৰ শীর্ষ নেতা লালুপ্রসাদ যাদৱৰ বােৱাৰী তথা তেজ প্রতাপৰ পত্নী ঐশ্বর্য ৰায়ে প্রতিদ্বন্দ্বিতা কৰিব। অৱশ্যে এইক্ষেত্ৰত দলৰ শীর্ষ নেতা লালু প্রসাদ যাদৱে কোনােধৰণৰ সিদ্ধান্ত গ্রহণ কৰা নাই। তেজ প্রতাপেও বিষয়টো সন্দৰ্ভত এতিয়ালৈকে কোনােধৰণৰ আলােচনা চলােৱা নাই।
তথাপি আৰজেডি নেতা ৰাহুল তিৱাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, ৰাজ্যখনৰ জনসাধাৰণে ঐশ্বর্য ৰায়ক আগন্তুক লােকসভা নির্বাচনত এগৰাকী প্রার্থী হিচাপে বিচাৰে। বিহাৰৰ চাপ্ৰাৰ পৰা ঐশ্বর্যই প্রার্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে বুলি ইংগিত দিছে ৰাহুল তিৱাৰীয়ে। দলৰ মজিয়াত বিষয়টোৱে আনুষ্ঠানিক গুৰুত্ব লাভ কৰা নাই যদিও ইতিমধ্যে দলটোক এইক্ষেত্ৰত সমালােচনা কৰিছে শাসকীয় জেডি(ইউ)য়ে।


No comments:
Post a Comment