চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীঙত সেনাৰ স্বাস্থ্য শিবিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, June 22, 2018

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ খুংগ্ৰীঙত সেনাৰ স্বাস্থ্য শিবিৰ


চিৰাং ব্যুৰ' : চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ অতিকে পিচপৰা খুংগ্ৰীং গাঁৱত সেনাবাহিনীয়ে স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ চিৰাঙত থকা সেনা বাহিনীৰ তৰফৰ পৰা এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।
কেপ্টেইন কেতন পাটিলৰ তত্বাৱধানত সেনাৰ চিকিৎসকসকলক লৈ আয়োজন কৰা এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জিলাখনৰ অতিকে পিচপৰা তথা চিকিৎসাৰ বাবে নাই কোনো ধৰণৰ সুবিধা নথকা উগ্ৰপন্থী অধ্যুষিত ভিতৰুৱা এই অঞ্চলত গাঁওবাসীয়ে বৰকৈ উপকৃত হয়।
ৰাতিপুৱাৰে পৰা অনুষ্ঠিত কৰা এই স্বাস্থ্য শিবিৰত গাঁৱখনৰ পুৰুষ-মহিলা, শিশুকে আদিকৰি দুই শতাধিক লোকে চিকিৎসাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰত গঁঞাক চিকিৎসা বিষয়ক পৰামৰ্শৰ লগতে ঔষধো বিতৰণ কৰে সেনাই। গাঁওবাসীয়ে সেনাৰ এই স্বাস্থ্য শিবিৰৰ শলাগ লোৱাৰ লগতে আগলৈ ভিতৰুৱা এই অঞ্চলটোত চিকিৎসাৰ বাবে এনে শিবিৰ অনুষ্ঠিত কৰাৰ অনুৰোধ জনায়।



No comments:

Post a Comment

SPONSORED