গুৱাহাটীঃ জ্ঞানৰ আলোকেৰে উদ্ভাসিত এক বোধিদ্রুম নগাঁও মহাবিদ্যালয়৷ মধ্য অসমৰ উচচ শিক্ষাৰ প্রাণকেন্দ্র স্বৰূপ নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠান মঙ্গলবাৰে ছয়দিনীয়া বর্ণাঢ্য কার্যসূচীৰে আৰম্ভ হয়৷ তিনিকুৰি ডেৰ দশক ধৰি জ্ঞানৰ পোহৰ বিলোৱা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তীৰ আৰম্ভণিৰ দিনা এক উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷ সুদীর্ঘ বছৰৰ মূৰত প্রাক্তন ছাত্র-ছাত্রীয়ে তাহানিৰ সতীর্থক লগ পাই যথেষ্ট আৱেগিক হৈ পৰাও পৰিলক্ষিত হয়৷ কার্যসূচী অনুসৰি পুৱা এঘাৰ বজাত আৰম্ভ হয় মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান৷ নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
নিজৰ ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে নগাঁও মহাবিদ্যালয়ৰ অসমৰ বুকুত এটা উল্লেখযোগ্য স্থান আছে, এক বিশেষ গুৰুত্ব আছে৷ যিসকল মহান ব্যক্তিয়ে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি মহাবিদ্যালয়খন স্থাপন কৰিলে, মই তেওঁলোকলৈ শ্রদ্ধা নিবেদিছোঁ৷ মতিৰাম বৰা, ৰায় বাহাদুৰ, বৃন্দাবন গোস্বামী, হলধৰ ভূঞা আদি প্রমুখ্যে যিসকলৰ প্রচেষ্টাত মহাবিদ্যালয়খন প্রতিষ্ঠা হৈছিল তেওঁলোকৰ মহৎ কাম সার্থক হৈছে৷
এটি মহৎ কামৰ অন্তৰালত এটা মহৎ চিন্তা নিহিত হৈ থাকে৷ তেওঁলোকৰ উদ্দেশ্য আছিল সমাজক শিক্ষিত কৰি তোলা৷ শিক্ষাই শক্তি বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সোণোৱালে কয়, শিক্ষা অবিহনে কোনো সমাজ, ৰাষ্ট্র শক্তিশালী হ’ব নোৱাৰে৷ তাৰ বাবে আমি শিক্ষাক অগ্রাধিকাৰ দিবই লাগিব৷ একবিংশ শতিকাৰ প্রতিযোগিতাৰ পৃথিৱীত শিক্ষা হ’ল মূল চালিকা শক্তি৷ অসমৰ যুৱ প্রজন্মক সততা আৰু নিষ্ঠাৰে কঠোৰ শ্রম কৰিবলৈ আহবান জনাই মুখ্যমন্ত্রী সোণোৱালে কয়, যুগৰ আহবানত নিজকে প্রতিষ্ঠা কৰিবলৈ হ’লে কঠোৰ শ্রম কৰিবই লাগিব৷ সহজ উপায়েৰে উন্নতিৰ জখলাত বগাবলৈ চেষ্টা নকৰিবা পিছলি পৰিবা।
যিসকলে সহজ উপায়েৰে ওপৰলৈ যোৱাৰ চেষ্টা কৰিছিল, তেওঁলোকৰ দুর্দশা সকলোৱে দেখিছে। আধুনিক ভাৰত নির্মাণত নগাঁৱৰ যথেষ্ট ভূমিকা থকা বুলি সোণোৱালে ভাষণত উল্লেখ কৰি কয় যে অসমক বিভিন্ন ক্ষেত্রত আগবঢ়াই নিয়াৰ ক্ষেত্রত নগাঁৱৰ উল্লেখযোগ্য অৱদান আছে৷ নগাঁও কলেজৰ ছাত্র-ছাত্রীয়ে কলেজখনক লৈ গৌৰৱ কৰা উচিত৷ মই ৰাষ্ট্রৰ বাবে বৰঙণি আগবঢ়াম বুলি এই কলেজতে লক্ষ্য স্থিৰ কৰিব লাগিব৷ মূল্যবোধৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে মূল্যবোধ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে৷ অসৎ কাম কৰিবলৈ ৰাইজে মোক এই দায়িত্ব দিয়া নাই৷ বাপুৰ ৰাম ৰাজ্য প্রতিষ্ঠাৰ বাবে ভাল নাগৰিকৰ প্রয়োজন৷ আমি সমাজত মূল্যবোধ প্রতিষ্ঠা কৰিব লাগিব৷
ইয়াৰ বাবে মানুহে মানুহৰ বাবে আৰু সমাজৰ বাবে কাম কৰিব লাগিব৷ এই ক্ষেত্রত পিতৃ-মাতৃ আৰু শিক্ষাগুৰুৰ দায়িত্ব আছে৷ বিশ্বজয়ী হিমা দাসৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়, ধিঙৰ জীয়ৰী হিমা দাসে ফিনলেণ্ডত গৈ বিশ্ব জয় কৰি প্রতিপন্ন কৰিলে –আমিয়েই শ্রেষ্ঠ৷ অসমৰ জৈৱ- বৈচিত্র্য, ইয়াৰ প্রাকৃতিক সৌন্দর্য আৰু জলবায়ু বিশ্বৰ ভিতৰতে অন্যতম বুলি অভিহিত কৰি মুখ্যমন্ত্রীয়ে কয়, চৰকাৰে ৰাজ্যখনত ফল, ফুল আৰু ঔষধি– এই তিনিবিধ গছ ৰোপণৰ এক আঁচনি লৈছে৷ অসমক ভাৰতবর্ষৰ ভিতৰতে এখন শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব বুলি সোণোৱালে ভাষণত দৃঢ়তাৰে প্রকাশ কৰি কয় যে গুৱাহাটী এতিয়া উত্তৰ-পূবৰ দুৱাৰমুখ হৈ নাথাকে৷
ইয়াক উত্তৰ- পূব এছিয়াৰ প্রৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ বাবে প্রচেষ্টা হাতত লোৱা হৈছে৷ ইতিমধ্যে গুৱাহাটীৰ পৰা ছিংগাপুৰলৈ বিমান যাত্রা অহা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব৷ একবিংশ শতিকাতো সমাজৰ অন্ধবিশ্বাস আৰু কু-সংস্কাৰে প্রভাৱ পেলোৱাত মুখ্যমন্ত্রী সোণোৱালে উদ্বেগ প্রকাশ কৰি কয়, এয়া দুর্ভাগ্যজনক বিষয়৷ সমাজক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ পৰা মুক্ত কৰিব লাগিব৷ এন আৰ চি প্রসংগত তেওঁ কয়, এন আৰ চিৰ পূর্ণাংগ খচৰা প্রকাশ পালে৷ এতিয়াও পূর্ণাংগ এন আৰ চি প্রকাশ পোৱা নাই৷ এন আৰ চিক লৈ কোনো শংকিত হ’ব নালাগে৷
এই সময়ত ধর্মৰ নামত, ভাষাৰ নামত, গোষ্ঠীৰ নামত মানুহৰ মাজত কোনেও যাতে অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে আমি সজাগ, সচেতন হ’ব লাগিব৷ আলোক গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিজ্ঞান আৰু প্রযুক্তি বিদ্যা বিভাগৰ মন্ত্রী কেশৱ মহন্ত, বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শর্মা, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, নগাঁও মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ মহেন্দ্র আহোম, ড০ খগেশ্বৰ ভূঞা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়েও ভাষণ দিয়ে৷ এই সভাতেই কৃতী ছাত্র-ছাত্রীক সম্বর্ধনা জনোৱা হয়৷
আনহাতে, পুৱা স্থানীয় বিধায়ক তথা মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ৰূপক শর্মাৰ নেতৃত্বত ৭৫জন বিশিষ্ট ব্যক্তিয়ে ৭৫খন পতাকা উত্তোলন কৰে৷ তাৰ পাছতেই অনুষ্ঠিত হয় শ্বহীদ তর্পণ আৰু স্মৃতি তর্পণ অনুষ্ঠান৷ পুৱা ১০ বজাত বৃক্ষৰোপণ কার্যসূচী আৰম্ভ কৰে সদৌ অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক হিমাংশু মৰলে৷ এই কার্যসূচীৰ পাছত গ্রন্থমেলা আৰু প্রদর্শনীৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সাহিত্যিক ড০ নৰেন কলিতাই৷ বিয়লি অনুষ্ঠিত হয় প্রাক্তন ছাত্র-ছাত্রীৰ নাট মহোৎসৱ৷ নাট মহোৎসৱ উদ্বোধন কৰে প্রবীণ অভিনেতা তথা প্রাক্তন ছাত্র দীনেশ দাসে৷


No comments:
Post a Comment