কোৰিয়াত বিশ্ব শ্বুটিঙত স্বৰ্ণ জয়ৰে উজলিল অসমৰ হৃদয় - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 07, 2018

কোৰিয়াত বিশ্ব শ্বুটিঙত স্বৰ্ণ জয়ৰে উজলিল অসমৰ হৃদয়

গুৱাহাটী : হিমা দাসৰ সাফল্যৰ মাজতে অসমলৈ আহিছে আন এক সু-খবৰ। আন্তৰ্জাতিক প্ৰেক্ষাপটত জিলিকি উঠিছে আন এগৰাকী অসম সন্তান হৃদয় হাজৰিকা।দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এছ এফ বিশ্ব জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপৰ ১০মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে এইগৰাকী অসম সন্তান হৃদয়। ফাইনেলত তেওঁ ইৰাণৰ শ্বুটাৰ আমিৰ মহম্মদক ০.১ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে।
হৃদয়ে জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্ব কাপ শ্বুটিং প্ৰতিযোগিতাতো স্বৰ্ণ পদক অৰ্জন কৰিছিল। হৃদয়ে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৪টা সোণৰ ১টা ৰূপৰ আৰু ৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। নাৰায়ণপুৰৰ সন্তান হৃদয়ৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে নাৰায়ণপুৰবাসী।

No comments:

Post a Comment

SPONSORED