মন্দিয়া : স্বচ্ছ ভাৰত মিছন (গ্ৰামীণ) ৰ অধীনত বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগ,বৰপেটা সংমণ্ডল তথা বৰপেটা জিলা পানী আৰু অনাময় সমিতিৰ আয়োজন আৰু ৮১ নং জনীয়া গাওঁ পঞ্চায়তৰ স্বচ্ছগ্ৰাহী আবু তালেব আহমেদৰ তত্বাৱধানত স্বচ্ছতাৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।সভাত স্বচ্ছগ্ৰাহী আবু তালেব আহমেদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে চৰকাৰে জনসাধাৰণৰ বাবে প্ৰদান কৰা শৌচালয় বোৰ সঠিক ব্যৱহাৰ কৰা,পলিথিন,প্লাষ্টিক,সৰু সৰু ল'ৰা-ছোৱালীৱে চানা-বিস্কুট জাতীয় বস্তুৰ পেকেটবোৰ য'তে-ত'তে নেপেলাই সকলোৱে ডাজবিন ব্যবহাৰ কৰিলে পৰিবেশটো পৰিস্কাৰ হৈ থকাৰ লগতে বহুত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি বুলি বক্তব্য প্ৰদান কৰে আৰু এইবোৰ চোৱা-চিতা কৰিবলৈ প্ৰতিখন গাঁৱতেই একো একোখনকৈ নিগেন সমিতি গঠন কৰি দিয়া হ'ব বুলিও কয়।জনীয়া সমষ্টিৰ অন্তৰ্গত জনতা বজাৰত স্বচ্ছগ্ৰাহীৰ স্বচ্ছগ্ৰাহী সভা সামৰি জনীয়া গাওঁ পঞ্চায়তৰ স্বচ্ছগ্ৰাহী আবু তালেব আহমেদৰ আমন্ত্ৰণত মন্দিয়া বি আৰ চি চি বিভুঞ্জন ভড়ালীয়ে জনীয়া গাঁৱৰ সভাত উপস্থিত থাকি এখন গাঁৱৰ ভিতৰত সভাখন অনুষ্ঠিত কৰাৰ বাবে স্বচ্ছগ্ৰাহী আবু তালেব আহমেদক ধন্যবাদ জনায়।বি আৰ চি চি ভৰালীৰ বক্তব্যত কয় যে ২ অক্টোবৰ ২০১৯ত জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া উপজা দিৱসত তেওঁৰ সপোনৰ স্বচ্ছ ভাৰত উপহাৰ দিয়াৰ বাবে ভাৰত চৰকাৰে স্বচ্ছ মিছন সম্প্ৰতি তীব্ৰতৰ কৰি তুলিছে।সভাত ভড়ালীয়ে এই মিছন সফল ৰূপায়ণত গ্ৰাম্য পুৰুষ-মহিলা সকলোৰে সহায়-সহযোগত অতি দৰকাৰী বুলি দোহাৰে।উল্লেখ্য যে সৰল বক্তব্যৰে ৰাইজৰ মাজত সোমাই যাবপৰা গুনৰ অধিকাৰী বিভুঞ্জন ভড়ালীয়ে ভাৰত চৰকাৰৰ এই অভিযান অধিক ফলপ্ৰসু হোৱাৰ স্বাৰ্থত জনতা বজাৰত তেওঁৰ জেপৰ ধনেৰে এটা ডাজবিন বনাই দিয়াৰ কথা ঘোষণা কৰাত জনতাৰ আৰু চাৰি গৰাকী সমাজ সচেতক ব্যক্তিয়ে এটা এটাকৈ ডাজবিন বনাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।অবশ্যে জনতা বজাৰৰ দৰে সকলোৱে স্বচ্ছ ভাৰত অভিযানক আকোৱালী ল'লে মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত হ'ব বুলি ৰাইজৰ মুখে মুখে প্ৰচলিত হোৱা দেখা গৈছে৷
Responsive Ads Here
Wednesday, September 26, 2018
জনীয়াত ''একৰ পৰা অনেক দিৱস'' স্বচ্ছগ্ৰাহীৰ স্বচ্ছগ্ৰাহী সভা
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment