বৰপেটাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পূর্ণাংগ প্রতিমূৰ্তি মুকলি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 08, 2018

বৰপেটাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পূর্ণাংগ প্রতিমূৰ্তি মুকলি


বৰপেটা : অসমীয়া সমাজ জীৱনত ভূপেন হাজৰিকাৰ যি আধিপত্য সেয়া একক, অনন্য আৰু অদ্বিতীয়৷ অসম আৰু অসমীয়াৰ বাবে ওৰেটো জীৱন উচর্গা কৰাৰ বাবে ভূপেন হাজৰিকা সদায় অসমবাসীৰ মাজত জিলিকি থাকিব৷’ এই মন্তব্য বিশিষ্ট সাংবাদিক তথা ‘প্রতিদিন টাইম’ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ৷ বৰপেটা ফিল্ম চ’চাইটিৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰাল প্রাংগনত নির্মাণ কৰি উলিওৱা ডঃ ভূপেন হাজৰিকাৰ এটি পূর্ণাংগ প্রতিমূর্তি মুকলি কৰি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই আজি এনেদৰে কয়। অনুষ্ঠানত ডঃ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই উপস্থিত থাকি ভাষণত কয় যে, ভূপেনদাৰ অতি প্রিয় ঠাই আছিল বৰপেটা৷ বৰপেটাৰ সত্রীয়া সংস্কৃতিৰ অন্যতম অংগ ভোৰতাল নৃত্যক ‘এৰাবাটৰ সুৰ’ চিনেমাত স্থান দিছিল৷ অনুষ্ঠানত ভগ্নী সুদক্ষণা শর্মায়ো চমু ভাষণত ভূপেন হাজৰিকাৰ পূর্ণাংগ মূর্তি স্থাপন কৰাটো এক সুখদায়ক খবৰ বুলি কয় ৷ তেওঁ আৰু কয় যে কেৱল পূর্ণাংগ মূর্তিয়েই নহয় বৰপেটা সকলো দিশতে যাতে আগবাঢ়ি যাওক৷ বৰপেটাৰ ৰাইজ সদায় ধর্মৰ মাজেৰে জাতি-ধর্ম নির্বিশেষে এখন সুন্দৰ সমাজ নির্মাণ কৰক৷ তেওঁ ভূপেন হাজৰিকাৰ পূর্ণাংগ মূর্তিটো নির্মাণ কৰি দিয়াৰ বাবে বৰপেটাৰ তৰামাই দাস আৰু তেওঁৰ পৰিয়ালবর্গক কৃতজ্ঞতা জ্ঞাপন কৰে৷
বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে আদৰণি ভাষণ পাঠ কৰা অনুষ্ঠানটোত বৰপেটা জিলা আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা আৰু সমৰ হাজৰিকাৰ পুত্র ডাৱৰ হাজৰিকা উপস্থিত থাকে৷ উল্লেখযোগ্য যে, আইসকলৰ হৰিনামেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটো বন্তি প্রজ্বলনেৰে উদ্বোধন কৰে সুধাকণ্ঠৰ ভগ্নী তথা বিশিষ্টা শিল্পী সুদক্ষিণা শর্মাই৷ বৰপেটাৰ ফিল্ম চ’চাইটিৰ উদ্যোগত আৰু বৰপেটা চহৰৰ বিশিষ্টা শিক্ষয়িত্রী তৰামাই দাসে স্বামী প্রয়াত টিকেন্দ্র নাথ দাসৰ স্মৃতিত আগবঢ়োৱা আর্থিক বৰঙণিৰে এই পূর্ণাৱয়ৱ প্রতিমূর্তিটো সাজি উলিওৱা হৈছে৷ এই পূর্ণাবয়ৱ মূর্তিটো চহৰখনৰ উদীয়মান ভাস্কর্য শিল্পী সত্যবান দাসে নির্মাণ কৰি উলিয়ায়৷ পূর্ণাংগ মূর্তিটো নির্মাণৰ ক্ষেত্রত বৰপেটা ফিল্ম চ’চাইটিৰ সভাপতি তথা বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ, যুটীয়া সম্পাদক অমিয় কুমাৰ, মৃণাল পি জ্যোতি আৰু মুখ্য সম্পাদক প্রশান্ত কুমাৰ দাসে বিশেষ সহায়-সহযোগিতা আগবঢ়ায়৷ ইপিনে, বৰপেটাৰ ইনভিকটাচ ক্লাবৰ উদ্যোগতো আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উদযাপন কৰা হয়৷

No comments:

Post a Comment

SPONSORED