মন্দিয়া : সমগ্ৰ দেশৰ লগতে বিশ্বৰ ১৭০ খন দেশত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা ৱেবমিডিয়া এন ই লাইভ ট্যুডেৰ পহিলা বৰ্ষপূৰ্তি অনুষ্ঠান নগাওঁ জিলাৰ কামপুৰৰ বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১০ আৰু ১১ ছেপ্তেম্বৰত দুদিনীয়া বাৰেবৰণীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।এন ই লাইভ ট্যুডেৰ পহিলা বৰ্ষপূৰ্তি অনুষ্ঠানত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত সালেকুৰা গাঁৱৰ বাসিন্দা পিতৃ আব্দুছ ছামাদ আৰু মাতৃ ফুল খাতুনৰ এক মাত্ৰ পুত্ৰ আবুল হুছেইনলৈ এন ই লাইভ ট্যুডেৰ দক্ষ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হৈছে।অন্যায়ৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰামী আৰু প্ৰতিক্ষনে জনহিত চিন্তাকাৰী উদীয়মান যুৱ সাংবাদিক জনীয়াৰ সুযোগ্য সন্তান আবুল হুছেইনে বটাঁ প্ৰাপ্ত হৈ জনীয়ালৈ গৌৰৱ কঢ়িৱাই আনিবলৈ সক্ষম হোৱাত জনীয়া বাসী ৰাইজৰ মাজত উৎসাহ-উদ্দীপনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।সাংবাদিক গৰাকীৰ এই সফলতাৰ আঁৰত থকা ব্যক্তিৰ বিষয়ে জানিব বিচৰাত বটাঁ প্ৰাপ্ত যুৱ সাংবাদিক জনে নিজৰ পিতৃ-মাতৃ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে জনীয়া বাসী ৰাইজৰ প্ৰেৰণাই সফলতাৰ মূল উৎস বুলি প্ৰকাশ কৰে।নব প্ৰজন্মৰ সাংবাদিক সকললৈ কি পৰামৰ্শ আগবঢ়াব বুলি কোৱাত তেওঁ নিজকে নব প্ৰজন্মৰ বুলি স্বীকাৰ কৰি কয় যে সাংবাদিক সকলে সমাজত চলিত কিছুমান নীতিবাচক কাৰ্যকলাপতকৈ ইতিবাচক দিশটোতহে অধিক গুৰুত্ব সহকাৰে পোহৰলৈ আনিবলৈ যত্ন কৰা উচিত আৰু এগৰাকী সাংবাদিকে কোনো জনপ্ৰতিনিধিৰ দাসত্ব কৰাৰ বিপৰীতে নিৰপেক্ষ ভাৱে অবহেলিত জনতাৰ হৈ কাম কৰি গ'লেহে সমাজখন আগুৱাই যাব বুলি দোহাৰে৷
Responsive Ads Here
Thursday, September 13, 2018
Home
Unlabelled
আবুল হুছেইনলৈ এন ই লাইভ ট্যুডেৰ দক্ষ সাংবাদিকতাৰ বঁটা,উৎসাহী জনীয়া বাসী
আবুল হুছেইনলৈ এন ই লাইভ ট্যুডেৰ দক্ষ সাংবাদিকতাৰ বঁটা,উৎসাহী জনীয়া বাসী
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment