১২ ছেপ্তেম্বৰৰ বিটিচি বন্ধ প্ৰত্যাহাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, September 11, 2018

১২ ছেপ্তেম্বৰৰ বিটিচি বন্ধ প্ৰত্যাহাৰ

কোকৰাঝাৰ : ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে বাঙালী সম্প্ৰদায়ক উদ্দেশ্য কৰি কৰা কটু মন্তব্যৰ প্ৰতিবাদত আৰু ডিমাকুছি ভি চি ডি চিৰ অধ্যক্ষৰ পদৰ পৰা সদ্য অপসাৰিত বিশ্বদীপ সেনক পুনৰ একে পদবীত নিযুক্তি দিয়াৰ দাবীত সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু বাঙালী জনমুক্তি বাহিনীয়ে ১২ ছেপ্তেম্বৰত আহ্বান জনোৱা ১২ ঘণ্টীয়া বিটিচি বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে৷ 
আজি বিটিচিএ কৰ্তৃপক্ষৰ হৈ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰ, উপাধ্যক্ষ নেৰশ্বণ বড়ো আৰু বিধায়ক মহেশ্বৰ বড়োৰ সৈতে সংগঠন ত‌িনিটাৰ আলোচনাৰ অন্তত অহা ১৫ ছেপ্তেম্বৰলৈ বন্ধ স্থগিত ৰখা বুলি সংগঠন ত‌িনিটাৰ হৈ সদৌ বিটিচি অনুসূচিত ছাত্ৰ সন্থাৰ সভাপত‌ি প্ৰদীপ সৰকাৰ, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ডিমাকুছি আঞ্চলিক সমিতিৰ সভাপতি সমুজ্জ্বল নাগ আৰু বাঙালী জনমুক্তি বাহিনীৰ স্পীকাৰ অমৰজিত পালে প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে ৷

No comments:

Post a Comment

SPONSORED