সাংসদ সুস্মিতা দেবৰ অভব্য আচৰণ : দলীয় কর্মীৰ কান্ধত উঠি প্রতিবাদী ভাষণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, September 11, 2018

সাংসদ সুস্মিতা দেবৰ অভব্য আচৰণ : দলীয় কর্মীৰ কান্ধত উঠি প্রতিবাদী ভাষণ



নতুন দিল্লী : এফালৰ পৰা দহি অহা মূল্যবৃদ্ধিৰ জুই আৰু তাৰ বিৰুদ্ধে কংগ্ৰেছকে ধৰি একাংশ বিৰােধী দলে আহ্বান জনােৱা ভাৰত বন্ধৰ মাজতেই দৃষ্টিকটুভাৱে অসমৰ মহিলা সাংসদ এগৰাকীৰ প্রতিবাদক লৈ সৃষ্টি হৈছে তীব্র চর্চা। আনকি শালীনতা চেৰাই এজন পুৰুষ দলীয় কৰ্মীৰ কান্ধত উঠি প্রতিবাদ কৰিবলৈ যােৱা অসমৰ এইগৰাকী মহিলা সাংসদ হ’ল সুস্মিতা দেব।
সোমবাৰে নতুন দিল্লীত মূল্যবৃদ্ধিৰ বিৰােধিতাৰে কৰা কংগ্ৰেছৰ বিক্ষোভ-প্রতিবাদ কার্যসূচীত অংশগ্ৰহণ কৰি কেৱল দৃষ্টি আকৰ্ণৰ স্বাৰ্থতেই মহিলা সাংসদগৰাকীয়ে এনেদৰেই পুৰুষ কর্মীৰ কান্ধত উঠি প্রতিবাদ কৰা বুলি চর্চা হৈছে।
উল্লেখ্য যে ৰাজধানী দিল্লীত এই প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল কংগ্ৰেছৰ শতাধিক কর্মীয়ে। ইন্ধনজাতীয় সামগ্ৰীৰ লগতে অন্যান্য বয়বস্তুৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত আহ্বান জনােৱা এই বিক্ষোভত অংশ লৈ অসমৰ শিলচৰৰ সাংসদ তথা ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্রী সুস্মিতা দেবে ‘ডিজেলপেট্রল কা দাম কম কৰাে’, ‘মােদীজী মুর্দাবাদ’ আদি শ্লোগান দি প্রতিবাদ কৰি থকাৰ মাজতে হঠাৎ দলীয় পুৰুষ কর্মী এগৰাকীৰ কান্ধত উঠে। প্রতিবাদৰ নামত স্বাভাৱিকতেই অসমৰ মহিলা সাংসদগৰাকীৰ কাৰ্য অতি দৃষ্টিকটু তথা শালীনতাৰ সীমা চেৰাই যােৱা বুলিও একাংশই অভিযােগ উত্থাপন কৰে।

SPONSORED