পৰেশ বৰুৱাৰ ঘৰত ‘নিয়া’ৰ দল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, January 25, 2020

পৰেশ বৰুৱাৰ ঘৰত ‘নিয়া’ৰ দল

 গুৱাহাটী : সৰ্বানন্দ সোণৱাল নেতৃত্বাধীন অসম চৰকাৰে বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখি আৰু এই সংগঠনসমূহৰ সদস্যসকলক মূলসুঁতিলৈ আনিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ চাবুৱাৰ জেৰাইগাঁওস্থিত বাসগৃহত উপস্থিত হয় ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ (নিয়া) এটা তদন্তকাৰী দল৷ 



নিয়াৰ দলটোৱে পৰেশ বৰুৱাৰ ভতিজা তথা জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাৰ কনিষ্ঠ পুত্র মুন্না বৰুৱাৰ আলফা গমনক কেন্দ্র কৰি বিশেষ তদন্তৰ বাবে তেওঁলোকৰ বাসগৃহত উপস্থিত হয়৷ পৰেশ বৰুৱাৰ ভাতৃ বিমল বৰুৱাই ‘নিয়মীয়া বার্তা’ৰ আগত ব্যক্ত কৰা অনুসৰি বৃহস্পতিবাৰে দিনৰ এক বজাত উপস্থিত হোৱা ‘নিয়া’ৰ তিনিজনীয়া দলটোৱে মুন্না বৰুৱা সন্দর্ভত বিভিন্ন তথ্য পৰিয়ালৰ পৰা সংগ্রহ কৰে৷ নিয়াই মুন্না বৰুৱাৰ শিক্ষাগত অর্হতা সন্দর্ভতো তথ্য সংগ্রহ কৰে৷ দলটোত দেৱেন্দ্র সিং মিশ্র আৰু ৰুবুল দাস নামৰ নিয়াৰ দুজন উচ্চপদস্থ বিষয়া উপস্থিত আছিল বুলি বিমল বৰুৱাই উল্লেখ কৰে ৷ উল্লেখ্য যে ২০১৮ চনৰ ১৫ নৱেম্বৰতে মুন্না বৰুৱাই আলফা (স্বা)ত যোগদান কৰিছিল৷ নিয়াৰ দলটোৱে মুন্নাৰ মাতৃ কল্পনা বৰুৱাকো মুন্না সন্দর্ভত বিভিন্ন বিষয়ত সোধা–পোছা কৰে৷

No comments:

Post a Comment

SPONSORED