ধুবুৰী ছোৱালী মহাবিদ্যালয়ত অধ্যক্ষ নিযুক্তিত অনিয়ম - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, January 25, 2020

ধুবুৰী ছোৱালী মহাবিদ্যালয়ত অধ্যক্ষ নিযুক্তিত অনিয়ম

গুৱাহাটী : শিক্ষিত নাৰী, দেশ শক্তিশালী, এইয়া এক শ্লোগান৷ এই শ্লোগান ৰাজ্যখনৰ শিক্ষা সঞ্চালকালয়ৰ ফলকত বৰ বৰ হৰফেৰে জিলিকি আছে৷ কিন্তু বাস্তৱ ক্ষেত্ৰত স্বয়ং শিক্ষা সঞ্চালকৰ কাৰ্যালয়েই এই শ্লোগানক অপমান কৰাৰ তথ্য পোহৰলৈ আহিছে৷



হয়, আপুনি ঠিকেই শুনিছে৷ ইয়াৰ বাবে আমি যাব লাগিব ধুবুৰী ছোৱালী মহাবিদ্যালয়লৈ৷ এয়া ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ দৃশ্য৷ মহাবিদ্যালয়খনত শেহতীয়াকৈ অধ্যক্ষ নিযুক্তিক লৈ চলিছে ব্যাপক অনিয়ম৷
সংশ্লিষ্ট বিভাগৰ নিয়ম অনুসৰি জ্যেষ্ঠতাৰ ভিত্তিত অধ্যক্ষক নিযুক্তি দিব লাগে যদিও, জ্যেষ্ঠ প্ৰৱক্তাগৰাকী এগৰাকী নাৰী হোৱা বাবেই তেখেতক বঞ্চিত কৰি তথা এনে নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি অন্য এগৰাকীক হে অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হয়৷ কিন্তু কিয়?
তাৰ বাবে আমি ওভতি যাব লাগিব পূৰ্বৰ কিছু কথালৈ৷ এই ফটোখনলৈ মন কৰক৷ এইগৰাকী ব্যক্তিৰ নাম সন্তোষ কুমাৰ মালাকাৰ৷ যোৱা বৰ্ষৰ অক্টোবাৰ মাহত অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে এই ব্যক্তিগৰাকী অধ্যক্ষ পদত অধিষ্ঠিত থকাৰ সময়ত ব্যাপক অনিময়ম-কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ আছে৷ নিজৰ পৰিয়ালৰে ৯জনকৈ লোকক নীতি বৰ্হিভূতভাৱে নিযুক্তি প্ৰদান কৰাকে ধৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল মালাকাৰে সংঘটিত কৰা অনিয়মৰ বিতং তথ্য৷ তাৰ পিছতো নিৰ্বিকাৰ, নীৰৱ শিক্ষা বিভাগ আৰু মহাবিদ্যালয়খনৰ গৱৰ্ণিং বডি৷ নীৰৱ হোৱাৰ কাৰণো আছে৷ অভিযোগ অনুসৰি এইগৰাকী গৱৰ্ণিং বডিৰ সভানেত্ৰী মালাকাৰৰ সোহাতস্বৰূপ৷
গতিকে স্পষ্ট হয়, মালাকাৰৰ দুৰ্নীতিসমূহ যাতে ফাদিল নহয়, তাৰে কৌশল ৰচনা কৰি নিকা, দক্ষ আৰু জ্যেষ্ঠগৰাকীক বঞ্চিত কৰি নিজৰ কথাত উঠা-বহা কৰিব পৰা লোককহে অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে৷ ফলত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে হিবজুৰ ৰহমানে৷ উপায়হীন হৈ উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে বঞ্চিত জ্যেষ্ঠ প্ৰৱক্তা মুলতুফা বেগমে৷
ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০ জানুৱাৰীত দুয়ো পক্ষক শুনানিৰ বাবে মাতি পঠিয়াই উচ্চ শিক্ষাৰ সঞ্চালকে৷ ৰহস্যজনকভাৱে এই শুনানিত অনুপস্থিত নাথাকিল গৱৰ্ণিং বডিৰ সভানেত্ৰী৷ জোলোঙাৰ মেকুৰী ওলাই পৰাৰ ভয়ত গৱৰ্ণিং বডিৰ সভানেত্ৰীগৰাকীয়ে নিজক বচাবলৈ অৱশেষত পদত্যাগ কৰা বিষয়টো অধিক ৰহস্যৰ সৃষ্টি কৰিছে৷
শুনানিৰ দিন সহোযগী হিচাপে ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে কাৰ্যালয়লৈ লৈ আহিল এগৰাকী প্ৰৱক্তা৷ নাম জ্যোতিষ বৰণ ৰয়৷
শিক্ষিত নাৰী, দেশ শক্তিশালীৰ শ্লোগান মাথো ফলকতেই জিলিকাই ৰাখি ধুবুৰী ছোৱালী মহাবিদ্যালয়ত এনেদৰেই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে এগৰাকী নাৰী৷ নাৰী শিক্ষাৰ প্ৰতিষ্ঠানতেই নাৰী বঞ্চিত আৰু কিমান দিন?

No comments:

Post a Comment

SPONSORED