সংবাদ প্ৰহৰী, গুৱাহাটী, ১৮ জুলাইঃ বিহাৰৰ পাটনাত পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ দ্বাৰা উলিওৱা এক প্রতিবাদী ৰেলীত পাকিস্তান জিন্দাবাদ’ বুলি দিয়া শ্ল’গান একাংশ সংবাদ মাধ্যমে অপপ্রচাৰ কৰা বুলি তীব্র প্রতিক্রিয়া কৰিছে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ সাধাৰণ সম্পাদক এম মহম্মদ আলী জিন্নাই।
সংগঠনটোৰ ধাৰণা যে একমাত্র মুছলিম সম্প্রদায় আৰু পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ ভাবমূৰ্ত্তি বিনষ্ট কৰাৰ উদ্দেশ্যে কিছু অসৎ শক্তিয়ে ঘটনাৰ প্রকৃত ভিডিও ফুটেজত ৰং-হানি একাংশ সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰিছে। এম মহম্মদ আলী জিন্নাই বিবৃতিটােত দৃঢ়তাৰে আৰু এইবুলি উল্লেখ কৰে— পাটনাত উলিওৱা প্রতিবাদী ৰেলীত কোনো ধৰণৰ ৰাষ্ট্র-বিৰোধী ধ্বনি উচ্চাৰিত হোৱা নাই। কাৰণ একে উদ্দেশ্যেৰে দেশৰ বিভিন্ন অংশত উলিওৱা ৰেলীত এনেধৰণৰ অভিযোগ সংগঠনৰ বিৰুদ্ধে উত্থাপন হোৱা নাই। যিবোৰ সংবাদ মাধ্যমে এনে অপপ্রচাৰেৰে বাতৰি প্ৰচাৰ কৰিছে সেইবোৰ প্ৰচাৰ মাধ্যমৰ বিৰুদ্ধে সংগঠনটোৱে আইনী কার্যব্যৱস্থা গ্রহণ কৰিব। আনহাতে কোনো সংখ্যালঘু বিৰোধী শক্তিৰ হেঁচাত যাতে ৰাষ্ট্র প্রশাসন আৰু পুলিচ প্রশাসনে কোনোপধ্যে তেওঁলোকৰ ওচৰত নতস্বীকাৰ নকৰে তাৰ প্রতিও সংগঠনটোৱে আবেদন জনায়। তদুপৰি সাম্প্রদায়িক শক্তিয়ে ডঃ জাকিৰ নায়েক আৰু ওৱাইছিক লৈ যি ষড়যন্ত্রত লিপ্ত হৈছে সেই একেধৰণৰ লেতেৰা খেল পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াৰ লগত খেলিবলৈ প্রচেষ্টা চলাই আছে যাতে সংগঠনটোৱে ন্যায় আৰু শান্তিৰ হকে চলাই থকা আন্দোলনক স্থবিৰ কৰিব পৰা যায় বুলি দুখ প্রকাশ কৰি পপুলাৰ ফ্রন্ট এক জনগণৰ আন্দোলন যাক কোনো হেঁচা বা কোনো শক্তিয়ে দমন কৰিব নোৱাৰে বুলিও জিন্নাই বিবৃতিটোত স্পষ্ট ভাষাত উল্লেখ কৰে।



No comments:
Post a Comment