মুখ্যমন্ত্রীকে ধৰি সকলোৱে সম্পত্তিৰ হিচাপ দিয়া উচিতঃ প্ৰফুল্ল মহন্ত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, July 05, 2016

মুখ্যমন্ত্রীকে ধৰি সকলোৱে সম্পত্তিৰ হিচাপ দিয়া উচিতঃ প্ৰফুল্ল মহন্ত

সংবাদ প্ৰহৰী, গুৱাহাটী, ৪ জুলাই ঃ ৰাজ্যৰ তৈলক্ষেত্র আৰু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিষয়ত অগপ-বিজেপিৰ মাজত উদ্ভৱ হোৱা মতানৈক্য পুনৰবাৰ প্ৰকট কৰি তোলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপৰ জেষ্ঠ্য নেতা প্ৰফুল্ল কুমাৰ মহন্তই৷ হোটেল ষ্টাৰ লাইনত ৪ জুলাইত এখন সংবাদমেল অনুষ্ঠিত কৰি মহন্তই কয়—তৈলক্ষেত্ৰৰ নিলামৰ বিষয়টো কেন্দ্রীয় চৰকাৰে পুনৰ বিবেচনা কৰা উচিত। অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰ থাকিব লাগিব।’ পাকিস্তান আৰু বাংলাদেশৰ পৰা অসমত প্রৱেশ কৰা হিন্দু তথা অমুছলমান লোকক আশ্রয় দিয়াৰ ক্ষেত্ৰত স্পষ্ট নীতি অৱলম্বন কৰিবলৈ কেন্দ্রীয় চৰকাৰৰ ওচৰত দাবী জনাই মহন্তই কয়- শেহতীয়াকৈ বাংলাদেশত চলা উগ্রপন্থীৰ হত্যালীলাৰ পিচত দেশখনত থকা হিন্দু লোকসকল আতংকিত হৈছে আৰু তেওঁলোকে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্রৱেশ কৰিবলৈ চেষ্টা কৰিছে। এনে প্রেক্ষাপটত কেন্দ্রীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত স্পষ্ট নীতি অৱলম্বন কৰা উচিত। ইপিনে চাংসাৰিৰ পৰিবৰ্তে ৰহাত এইমছ স্থাপনৰ দাবী জনাই প্রধানমন্ত্রী নৰেন্দ্র মোডীলৈ পত্র প্রেৰণ কৰা বুলি প্রকাশ কৰি মহন্তই কয়আমি জনামতে কেন্দ্রীয় চৰকাৰৰ পর্যবেক্ষক দলে নগাঁৱৰ ৰহাতে এইমছ স্থাপনৰ পোষকতা কৰিছিল। কিন্তু তাৰ পিচতো চৰকাৰে চাংসাৰিত এইমছ স্থাপন কৰিবলৈ লোৱা কার্য উচিত হোৱা নাই। চৰকাৰে কথাটো পুনৰ বিবেচনা কৰা উচিত। চাংসাৰিত এইমছ স্থাপনৰ ক্ষেত্ৰত বহু অসুবিধা আছে। চাংসাৰিৰ পানীত ফ্ল’ৰাইড থকাৰ উপৰি চাৰিওফালে আছে চিমেণ্ট উদ্যোগ। তদুপৰি চাংসাৰিৰ উক্ত অঞ্চলটো সুৰক্ষা বিভাগৰ দ্বাৰা মিছাইল অপাৰেচনৰ বাবে নির্বাচন কৰা হৈছে। এনে প্রেক্ষাপটত চাংসাৰিক এইমছৰ বাবে নির্বাচন কৰা হ’ল কিয় ? আনহাতে ৰাজ্যৰ সকলো মন্ত্রী, বিধায়ক, প্রাক্তন মন্ত্রী, বিষয়াই সম্পত্তিৰ হিচাপ দিয়াটাে বাধ্যতামূলক কৰিবলৈ নতুন আইন প্রবর্তন কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লোৱা পদক্ষেপ সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰি মহন্তই কয়— সম্পত্তিৰ হিচাপ দিয়াটো ভাল কথা। কিন্তু হিচাপ মুখ্যমন্ত্ৰীয়েও দিব লাগিব। মুখ্যমন্ত্ৰীয়েও হিচাপ দিয়ক।

No comments:

Post a Comment

SPONSORED