‘চিকেন নেক’ অর্থাৎ কুকুৰাৰ ডিঙিৰ সৈতে তুলনা কৰা সৰু এক ভূখণ্ডই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষক মূল ভূ-খণ্ডৰ সৈতে সংলগ্ন কৰি ৰাখিছে৷ প্ৰায় ২০ কিলোমিটাৰ বহল এই ভূখণ্ডই সমগ্র উত্তৰ-পূৰ্বাঞ্চল আৰু দোশৰ মূল ভূ-খণ্ডৰ মাজত যোগাযোগ স্থাপনৰ কৰিডৰ হিচাপে ব্যৱহাৰ কিৰ আহিছে৷ যদিহে কোনো কাৰণতে এই কৰিডৰ বিচ্ছিন্ন হয় অথবা আন কাৰোবালৈ গুচি যায়, তেন্তে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ মূল খণ্ডৰ পৰা সম্পূর্ণ বিচ্ছিন্ন হৈ পৰিব। সেয়া কৰিব পাৰিলে উত্তৰ-পূৰ্বাঞ্চল দখল কৰাটো সহজ হৈ পৰিব। এই উদ্দেশ্য আগত ৰাখিয়েই চুবুৰীয়া ৰাষ্ট্র চীনে শেহতীয়াভাৱে কুচকাৱাজ আৰম্ভ কৰিছে। এনে কুচকাৱাজত চীনে উত্তৰ-পূৰ্বাঞ্চলক ভৱিষ্যতে নিজৰ দখললৈ নিয়াৰ বাবে চলোৱা বুপ্রিন্টৰ অংশ হিচাপে আখ্যা দিব পাৰি। ৰাষ্ট্ৰখনৰ শেহতীয়া কিছুমান কাম-কাজৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে। কিয়নো চীনে উক্ত কৰিডৰৰ পৰা কিছু নিলগত অৱস্থিত সীমান্ত এলেকাত সৈন্যৰ সমাবেশ ঘটোৱাৰ লগতে এনে কিছুমান কাম-কাজ কৰিবলৈ আৰম্ভ কৰিছে, যিবোৰৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ ভাৰত সন্দৰ্ভত থকা বিৰূপ মনোভাব পুনৰ প্রকট হৈ পৰিছে। লক্ষণীয় যে পশ্চিমবংগৰ শিলিগুৰি এলেকাৰ কৰিডৰৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ হৈ আছে। ইয়াৰ উত্তৰে থকা ৰাজ্য ছিকিমৰ দুয়োকাষে সংলগ্ন হৈ আছে চুবুৰীয়া ৰাষ্ট্র নেপাল আৰু ভূটান। কিন্তু ছিকিমৰ উত্তৰ অংশত থকা ৰাষ্ট্র হল চীন। ভাৰতক শক্ৰ হিচাপে বিবেচনা কৰা এইখন ৰাষ্ট্রই সম্প্রতি ভাৰতৰ স্বাৰ্থত আঘাত হানিব পৰা কিছুমান কাম মুকলিভাৱে কৰি আহিছে। উদাহৰণ স্বৰূপে ক’ব পাৰি যে চীনৰ ৰাষ্ট্রপতি তথা চীন চেণ্টেল মিলিটেৰী কাউন্সিলৰ অধ্যক্ষ জি জিনপিঙে অলপতে পিপলছ লিবাৰেচন আর্মিৰ দুটাকৈ গোটক বিশেষ সন্মান প্রদান কৰে। লগতে এই দুয়োটা গোটৰ শক্তি অধিক বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে। এই গোট দুটা ক্রমে পিপলছলিবাৰেচন আমিৰ ৩৭২ নং গোট আৰু ৭৭৬৫৬ নং গোট। ইয়াৰে ৩৭২ নং গোটটো ছাবমেৰিন গোট হিচাপে চিহ্নিত আৰু ই সম্প্রতি দক্ষিণ চীন সাগৰত নিয়োজিত হৈ আছে। দক্ষিণ চীন সাগৰত চীনে কর্তৃত্ব বিস্তাৰ কৰিবলৈ চলোৱা প্রচেষ্টাই ইতিমধ্যে সমগ্র বিশ্বতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। আনহাতে পিপলছ লিবাৰেচন আর্মিৰ ৭৭৬৫৬ নং গোটটো ছিকিমৰ সৈতে সংলগ্ন ভাৰত-চীন সীমান্তৰ চুম্বি উপত্যকাত নিয়োজিত হৈ আছে। চীন চৰকাৰে সামৰিক বাহিনীৰ অন্যান্য গোটসমূহৰ তুলনাত এই দুয়োটা গোটকে সর্বাধিক গুৰুত্ব প্রদান কৰিছে আৰু দুয়োটা গোটৰে সামৰিক শক্তি বৃদ্ধি কৰাত উঠি-পৰি লাগিছে। এনে কাৰ্যৰ জৰিয়তে চীনে ভাৰতৰ প্রতি সতর্কবাণী প্রেৰণ কৰাৰ বিপৰীতে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্র্যালয়েও বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণকৰিছে। কিয়নো ভৌগোলিক অৱস্থানৰ প্রতি লক্ষ্য কৰিলে দেখা যায় যে চীনৰ চুম্বি উপত্যকাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ মূল ভূখণ্ডৰ সৈতে সংযোগ কৰা ‘চিকেন নেক’ কৰিডৰলৈ অহাটো বৰ বেছি জটিল কাম নহয়। ইয়াৰ বাবে চীনে ছিকিমক বাদ দিলেও ভূটান অথবা নেপালৰ মাজেৰেও উক্ত কৰিডৰৰ প্রাণকেন্দ্র শিলিগুৰিলৈ অতি সহজতে আহিব পাৰে। উত্তৰবংগৰ আটাইতকৈ ডাঙৰ চহৰ তথা ব্যৱসায়ৰ প্রাণকেন্দ্র শিলিগুৰিৰ গুৰুত্ব উত্তৰ-পূৰ্বাঞ্চলৰ বাবে যথেষ্ট বেছি। কিয়নো অঞ্চলটোৰ সৈতে ইয়াৰ জৰিয়তে পথ আৰু ৰে’ল যোগাযোগ ৰক্ষা কৰি অহা হৈছে। গতিকে এই ‘চিকেন নেক’ কৰিডৰ ভাৰতৰ হাতৰ পৰা ওলাই গ’লে উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ মূল ভূখণ্ডৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিব আৰু তেতিয়া এই অঞ্চলটো চীনে নিজৰ দখললৈ নিয়াটো সহজ হৈ পৰিব। অৱশ্যে চীনৰ এনে সম্ভাৱ্য পৰিকল্পনাৰ প্রতি লক্ষ্য ৰাখি ভাৰতেও হাত সাবটি বহি থকা নাই। জানিব পৰামতে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্র্যালয়ে উক্ত অঞ্চলত নিয়োজিত হৈ থকা সামৰিক তথা অর্ধসামৰিক বাহিনীসমূহক সতর্ক হৈ থাকিবলৈ নির্দেশ জাৰি কৰিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে শিলিগুৰিৰ সৈতে সংলগ্ন কৰিডৰ আৰু ভূটানৰ নামনিত থকা ভুৱাৰ্ছ এলেকাত ভাৰতীয় সেনাবাহিনীৰ লগতে বায়ু সেনাৰো ঘাটি আছে। তদুপৰি সীমান্ত নিৰাপত্তা বাহিনীৰো যথেষ্টসংখ্যক গোট উক্ত অঞ্চলটোত সমগ্র বছৰ ধৰি মোতায়েন কৰি ৰখা হয়। একেদৰে শিলিগুৰিৰ সৈতে সংলগ্ন বাগডোগৰাত এটি বিমান বন্দৰ থকাৰ লগতে উত্তৰবংগৰ হাছিমাৰাত সামৰিক বাহিনীৰ বিমান ঘাটিও নতুনকৈ স্থাপন কৰা হৈছে। এই সকলো প্রস্তুতি ভাৰতে চীনৰ ভৱিষ্যৎ পৰিকল্পনাৰ প্রতি লক্ষ্য ৰাখিয়েই সাজু কৰি ৰাখিছে। লগতে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত হোৱা প্রতিক্রিয়া সত্ত্বেও চীনে বিভিন্ন সময়ত কৰি অহা ভাৰতবিৰোধী কাম-কাজ একপ্রকাৰ নিয়মত পৰিণত হৈছে। ইয়াৰ পূর্বেও চীনে অৰুণাচল প্রদেশ আৰু জম্মু আৰু কাশ্মীৰৰ লাডাখ এলেকাৰ সৈতে সংলগ্ন সীমান্তৰে ভাৰতত একাধিকবাৰ প্রৱেশ কৰাৰ উদাহৰণ আছে। এই সন্দৰ্ভত ভাৰতে বাৰম্বাৰ আপত্তি দশোৱাৰ পিচতো চীনে কোনোধৰণৰ গুৰুত্ব প্রদান কৰা নাই। অৱশ্যে চীনে বছৰ বছৰ ধৰি কৰি অহা এনে কামৰ ক্ষেত্ৰত ভাৰতে এতিয়া পূর্বতকৈ অধিক সতর্ক হৈছে।
Responsive Ads Here
Sunday, August 28, 2016

উত্তৰ-পূৱক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ব্লু-প্ৰিণ্ট চীনৰ
Tags
# দেশ-বিদেশ
Share This

About Sangbad Prahari
দেশ-বিদেশ
Labels:
দেশ-বিদেশ
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment