ৰাজ্যৰ ৫০ সহস্ৰাধিক শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যতলৈ চৰম অনিশ্চয়তা
শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ প্ৰতিক্রিয়া- শিক্ষা মন্ত্রীৰ চক্রান্ততে বাতিল হ’ল আইন
কিয় কৰা হৈছিল লেখা আবেদন : উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২০১১ চনত অসম ভেন্সাৰ শিক্ষানুষ্ঠান (পদ প্রাদেশিকীকৰণ) আইন প্রণয়ন কৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা কনিষ্ঠ মহাবিদ্যালয়লৈকে পদ প্রাদেশিকীকৰণৰ প্রক্রিয়া আৰম্ভ কৰে। এনে প্রক্রিয়াৰ মাজতে ২০১২ আৰু ২০১৩ চনত আনকি আইনখনৰ সংশোধনীও কৰা হয়। এই আইনৰ অধীনত ইতিমধ্যে ৫৭ হেজাৰ শিক্ষক-কর্মচাৰীৰ পদ প্রাদেশিকীকৰণ হয়। কিন্তু আইনখনত সন্নিৱিষ্ট কৰা কেতবোৰ ধাৰা-উপধাৰাৰ বাবেই পদ প্রাদেশিকীকৰণৰ আওতাৰ বাহিৰত থাকিল হেজাৰ হেজাৰ শিক্ষক-কর্মচাৰী। পদ প্রাদেশিকীকৰণ আইনখনত বান্ধি দিয়া এক অন্যতম চর্ত আছিল যে জ্যেষ্ঠতাৰ ভিত্তিত নির্দিষ্টসংখ্যক শিক্ষক-কর্মচাৰীৰ পদ প্রাদেশিকীকৰণ হ’ব। এনেধৰণৰ জ্যেষ্ঠতাৰ ভিত্তিত নির্দিষ্ট সংখ্যা বান্ধি দিয়াৰ পৰিণতিত পদ প্রাদেশিকীকৰণৰ আওতাৰ পৰা বাহিৰত থাকি গ’ল বহু শিক্ষক-কর্মচাৰী। একেদৰে আইনখনত বহুতাে ত্রুটিপূর্ণ দিশ উল্লেখ কৰি ন্যায়ালয়ত বহুসংখ্যক প্রার্থীয়ে দাখিল লেখা আবেদন।
নির্দেশনাত কি কলৈ উচ্চ ন্যায়ালয়ে : কেইবাদিনো ধৰি চলা শুনানিৰ অন্তত ন্যায়ালয়ে প্রদান কৰা নির্দেশনাত উল্লেখ কৰা হয় যে পদ প্রাদেশিকীকৰণ আইনখন অকল নহয়, আৰ টিই আৰু কেইবাখনো কেন্দ্রীয় আইনৰ পৰিপন্থী। আনকি চৰকাৰেও আইনখনত যথেষ্ট ভুল-ত্রুটি থকা বুলি আদালতত স্বীকাৰ কৰিছে। একেদৰে শিক্ষা আয়ুক্তই শপতনামাযোগে আদালতক অৱগত কৰে যে পদ প্রাদেশিকীকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে এখন নতুন আইন অনাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। কেইবা পৃষ্ঠাজোৰা নির্দেশনাৰ প্ৰতিলিপিত ন্যায়ালয়ে পর্যবেক্ষণত এইবুলিও উল্লেখ কৰে— ‘আমাৰ ধাৰণামতে প্রয়োজন পূৰাবলৈ স্থাপন কৰা ভেন্সাৰ শিক্ষানুষ্ঠানসমূহে অতি ভিতৰুৱা অঞ্চলত শিক্ষাদান কৰি আহিছে। এইটাে কোৱা ভুল নহ’ব যে শিক্ষাৰ অধিকাৰৰ সাংবিধানিক দায়বদ্ধতা পালনৰ ক্ষেত্ৰত দিয়া হৈছিল। এক কথাত চৰকাৰ এই ভেন্সাৰ শিক্ষানুষ্ঠানৰ জৰিয়তে সাংবিধানিক দায়িত্ব পালন কৰি আহিছে। সি যি কি নহওক, চৰকাৰে যি কার্যব্যৱস্থাৰে নির্দিষ্টসংখ্যক শিক্ষকক ল’লে তাৰ দ্বাৰা আৰ টি ই আইনখনৰ সৈতে মতপ্রার্থক্য থাকি গ’ল।’ আদালতে এই বুলিও প্রশ্ন উত্থাপন কৰে যে চৰকাৰী চাকৰিত অন্তৰ্ভুক্তিৰ সুযোগ দিয়া প্রাদেশিকীকৰণ আইনে এছ চি. এছ টি, মহিলা, বিশেষভাৱে সক্ষমৰ বাবে থকা সংৰক্ষণ আইন আওকাণ কৰিব পাৰেনে? একেদৰে ষষ্ঠ অনুসূচী সাংবিধানিক বিধি-ব্যৱস্থাকো প্রাদেশিকীকৰণ আইনে আওকাণ কৰা বুলি নির্দেশনাত উল্লেখ কৰি কোৱা হয় যে ভেন্সাৰ শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি কোনাে প্রতিযোগিতাভিত্তিক নহয় আৰু ই অস্বচ্ছ। সেই কাৰণে এয়া অব্যাহত হৈ থাকিলে শিক্ষাৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পৰিব। লগতে ৰাজ্যৰ অহা প্রজন্মৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব। আনহাতে পদ প্রাদেশিকীকৰণ আইনে ইউ জি চি. এন চি টি ই, ছেবা আদিত নর্মছ আওকাণ কৰি চলা বুলি উল্লেখ কৰা হয়। এনে ব্যৱস্থাৰ গুৰুত্বপূর্ণ দিশৰ ওপৰত পর্যালোচনা কৰি ন্যায়ালয়ে অসম ভেন্সাৰ শিক্ষানুষ্ঠান (পদ প্রাদেশিকীকৰণ) আইনখন অসাংবিধানিক হিচাপে ঘোষণা কৰে।
চৰকাৰী পক্ষৰ স্থিতি কি আছিল : চৰকাৰৰ হৈ ন্যায়ালয়ত প্রতিনিধিত্ব কৰা অতিৰিক্ত মহাধিবক্তা দেৱজিৎ শইকীয়াই শুনানি কালত উল্লেখ কৰে যে ২০১৫ চনৰ মে’ মাহত চৰকাৰে পদ প্রাদেশিকীকৰণ আইনত সংশোধন আনি আইনখন কিছু সঠিক ৰূপত তুলি ধৰাৰ প্রক্রিয়া আৰম্ভ কৰিছিল। সেই প্রক্রিয়া চলি থকাৰ মাজতে সেই বছৰৰে ডিচেম্বৰত বিত্ত বিভাগে এটা টােকাত উল্লেখ কৰে যে প্রাদেশিকীকৰণ আইনত যথেষ্ট ত্রুটি আছে। আইনখনে কেন্দ্রীয় আইনক আওকাণ কৰি গৈছে। ষষ্ঠ অনুসূচীয়েও সাংবিধানিক বিধি-ব্যৱস্থাক ভংগ কৰিছে। একেদৰে ইউ জি চি নৰ্মছ ভংগ কৰাৰ লগতে প্রাদেশিকীকৰণ আইনত শিক্ষাগত অৰ্হতা সন্দর্ভতো কোনাে নিয়ম বান্ধি দিয়া হােৱা নাই। আবেদনকাৰীয়ে আদালতত দিয়া যিসমূহ ওজৰ-আপত্তি লৈ আহিছিল সেয়া চৰকাৰী পক্ষই সমর্থন কৰি আইনৰ আসোৱাহ দূৰ কৰি এক বিজ্ঞানসন্মত পদ্ধতিৰে নতুন আইন অনাৰ পোষকতা কৰে। আনকি আদালতক চৰকাৰে এইবুলিও অৱগত কৰে যে আগত বিধানসভা অধিৱেশনতে এই সন্দৰ্ভত শিক্ষা বিভাগে এখন শ্বেতপত্র দাখিল কৰিব। এনেদৰে উচ্চ ন্যায়ালয়ে আবেদনকাৰী পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি গ্রহণ কৰি পদ প্রাদেশিকীকৰণ আইনখন বাতিলৰ নির্দেশ দিয়ে।
কি হ’ব ইতিমধ্যে প্রাদেশীকৃত শিক্ষক-কর্মচাৰীৰ : উচ্চ ন্যায়ালয়ে অসাংবিধানিক আখ্যা দিয়া এইখন পদ প্রাদেশিকীকৰণ আইনৰ অধীনতে ইতিমধ্যে পদ প্রাদেশিকীকৰণ হৈছিল ৫৭ হেজাৰ শিক্ষক-কর্মচাৰীৰ পদ।। আইনৰ ভাষাত যেতিয়া আইন এখন অসাংবিধানিক, বেআইনী আখ্যা দিয়া হয়, সেইখন বলৱতৰ সময়ৰ পৰাই বেআইনী বুলি ধৰা হয়। কাজেই পদ প্রাদেশিকীকৰণ আইনৰ অধীনত প্রাদেশীকৃত হােৱা শিক্ষক-কর্মচাৰীসকল সন্দৰ্ভত কি হ’ব সেয়া কালিৰ নির্দেশনাত কোনো স্পষ্ট দিশ প্রতিফলিত হােৱা নাই। অৱশ্যে ইতিমধ্যে প্রাদেশীকৃত শিক্ষক-কর্মচাৰীৰ কোনাে ক্ষতি নহয় বুলি স্পষ্ট কৰি দি অতিৰিক্ত মহাধিবক্তা দেৱজিৎ শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়— ‘‘ৰাজ্য চৰকাৰৰ পৰা নির্দেশনা আহিছে যে ইতিমধ্যে প্রাদেশীকৃত শিক্ষক-কর্মচাৰীৰ বিপৰীতে কোনাে সিদ্ধান্ত লোৱা নহয়। তেওঁলোকে যেনেকৈ কাম কৰি আছে, তেনেকৈয়ে কাম কৰি থাকিব। সময়ত সঠিক সিদ্ধান্ত ল’ব চৰকাৰে।”
কি হ’ব প্রাদেশিকীকৰণ নোহোৱা শিক্ষক-কর্মচাৰীৰ : প্রথম পর্যােয়ত বহুসংখ্যক শিক্ষক-কর্মচাৰীৰ পদ প্রাদেশিকীকৰণ হ’ল যদিও বর্তমানো পদ প্রাদেশিকীকৰণ নোহােৱাকৈ থাকি গ’ল প্রায় পঞ্চাশ সহস্ৰাধিক শিক্ষক-কর্মচাৰীৰ। অসম শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ মতে পোনপটীয়াকৈ দ্বিতীয় পর্যােয়ত পদ প্রাদেশিকীকৰণৰ আওতাত নোসোমাল প্রায় ত্ৰিশ হেজাৰ শিক্ষক-কর্মচাৰী। একেদৰে আইনখনৰ কেতবোৰ ধাৰা-উপধাৰাৰ বাবেই আইনখনৰ কাষলৈও নাহিল আন বিশ হেজাৰ কৰ্মচাৰী। অর্থাৎ পঞ্চাশ হেজাৰ শিক্ষক-কর্মচাৰীৰ পদ প্রাদেশিকীকৰণ নোহােৱাকৈ ৰৈ গ’ল। কিন্তু ন্যায়ালয়ে পদ প্রাদেশিকীকৰণ আইনখনকে বাতিল কৰি দিয়াত এতিয়া বাকী থকা শিক্ষককর্মচাৰীৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। চৰকাৰে নতুন আইন অনাৰ প্রতিশ্রুতি দিছে যদিও পুনৰ প্ৰাদেশিকীকৰণ আইনৰ আওতাত সোমাব নে নাই তাক লৈ এতিয়া ক্ষণে ক্ষণে দুশ্চিন্তাত ভূগিছে শিক্ষক-কর্মচাৰী।
শিক্ষক-কর্মচাৰী ঐক্যমঞ্চৰ প্ৰতিক্রিয়া- শিক্ষা মন্ত্রীৰ চক্রান্ততে বাতিল হ’ল আইন
No comments:
Post a Comment