নতুন দিল্লীঃ অসমৰ প্রতিভাৱান টেনিছ খেলুৱৈ ৰাইনা জাফৰে নতুন দিল্লীত অনুষ্ঠিত আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্রতিযােগিতাত ৰানাৰ্ছ আপৰ সন্মান লাভ কৰিছে। ৩০ এপ্রিলৰ পৰা আৰম্ভ হােৱা ১৮ বছৰ অনূর্ধ্ব প্রতিযােগিতাখনত চমকপ্রদ প্রদর্শনেৰে ৰাইনাই ফাইনেলত প্ৰৱেশ কৰি খিতাপৰ আশা যােগাই তুলিছিল যদিও তীব্র যুঁজ আগবঢ়াই পৰাজয়ৰ সন্মুখীন হয়। প্ৰথমটো ছেটত পৰাস্ত হােৱাৰ পাছত তেওঁ দুর্দান্ত প্রত্যাৱর্তনেৰে দ্বিতীয়টো ছেট দখল কৰি দিল্লীৰ প্রতিদ্বন্দ্বীগৰাকীক তীব্র প্রত্যাহ্বান আগবঢ়ায় যদিও নির্ণায়ক ছেটত সফলতাৰ মুখ নেদেখে। সামগ্রিকভাৱে তেওঁ মেচখনত ২-৬, ৬-২, ২-৬ৰ ব্যৱধানত হাৰ মানে। ফাইনেলত প্ৰৱেশৰ পথত ৰাইনা জাফৰে দিল্লীৰ অস্মিতা কৌৰক ৬-২, ৬-০ ছেটত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। কোৱাৰ্টাৰ ফাইনেলতাে তেওঁ দিল্লীৰ প্রতিদ্বন্দ্বী মাইচা ছােডােক ২-৬, ৬-৩, ৬-০ৰ ব্যৱধানত পৰাস্ত কৰিছিল। অসম টেনিছ সন্থাই খেলুৱৈগৰাকীক এই সাফল্যৰ বাবে অভিনন্দন জনাইছে।
Responsive Ads Here
Friday, May 04, 2018
অসমৰ ৰাইনা জাফৰলৈ ৰানাৰ্ছআপৰ সন্মান
Tags
# ক্ৰীড়া
Share This
About Sangbad Prahari
ক্ৰীড়া
Labels:
ক্ৰীড়া
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment