গুৱাহাটী : প্রতিশ্রুতি অনুসৰি ৰাজ্যলৈ পৰিৱর্তন আনিব নোৱাৰিলেও সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ শিক্ষামন্ত্রী সলনি হোৱাৰ লগে লগে চলি থকা আঁচনিত আহিব পৰিৱর্তন৷ নির্বাচনৰ আগত কৰা ঘোষণা অনুসৰি দহ কিল’মিটাৰ দূৰত্বলৈ উচচ শিক্ষা গ্রহণ কৰিব লগীয়া উচচতৰ মাধ্যমিকত উত্তীর্ণ মেধাৱী ছাত্রীক এখনকৈ স্কুটি দিয়াৰ কথা আছিল৷ নির্বাচন জয়ৰ পাছত সেই ঘোষণাক অসাৰ কৰি শিক্ষা বিভাগে উচচতৰ মাধ্যমিকত উত্তীর্ণ এহেজাৰ মেধাৱী ছাত্রীকহে স্কুটি দিছিল৷
পূর্বৰ শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাৰ দিনত থকা স্কুটি প্রদানৰ আঁচনি সলনি কৰিব নতুন শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই৷ এইবাৰ মেধাৱী ছাত্রীক স্কুটিৰ পৰিৱর্তে দিয়া হ’ব চাইকেল৷ পূর্বৰ কংগ্রেছ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে দৰিদ্র পৰিয়ালৰ ছাত্রীক চাইকেল দিয়া আঁচনিক সমালোচনা কৰি সেই আঁচনি পৰিহাৰ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ শিক্ষা বিভাগে উচচতৰ মাধ্যমিকত উত্তীর্ণ মেধাৱী এহেজাৰ ছাত্রীক স্কুটি দিছিল৷কিন্তু তৰুণ গগৈৰ আঁচনিকে এতিয়া অনুকৰণ কৰিবলৈ ওলাইছে শিক্ষা বিভাগে৷ গগৈ চৰকাৰৰ শাসনত অষ্টম শ্রেণীতে ছাত্রীয়ে লাভ কৰিছিল চাইকেল৷ এতিয়া উচচতৰ মাধ্যমিকত উত্তীর্ণ হ’লেহে ছাত্রীয়েহে পাব চাইকেল৷ আজি শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ বক্তব্যত এই কথা স্পষ্ট হ’ল৷ সংবাদ মাধ্যমৰ আগত আজি শিক্ষামন্ত্রী ভট্টাচার্যই কয় যে উচচতৰ মাধ্যমিকত এইবাৰস্কুটিৰ পৰিৱর্তে দিয়া হ’ব চাইকেল৷
তেওঁ কয় যে যোৱা বছৰ এহেজাৰ মেধাৱী ছাত্রীক স্কুটি দিয়া হৈছিল যদিও এইবাৰ উচচতৰ মাধ্যমিকত উত্তীর্ণ দহ হাজাৰ ছাত্রীৰ মাজত ভাল চাইকেল বিতৰণ কৰা হ’ব৷ প্রতিদিনে পেট্রলৰ দাম বৃদ্ধি হৈ থকাৰ সময়ত ছাত্রীসকলক সকাহ দিবলৈকে স্কুটিৰ পৰিৱর্তে চাইকেল দিয়াৰ আঁচনি শিক্ষা বিভাগে গ্রহণ কৰিছে নেকি বুলি এতিয়া প্রশ্ন উঠিছে৷
No comments:
Post a Comment