চিট ফাণ্ড কেলেংকাৰীৰ মহানায়ক গ্ৰেপ্তাৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 07, 2018

চিট ফাণ্ড কেলেংকাৰীৰ মহানায়ক গ্ৰেপ্তাৰ

ৱেব সংবাদঃ চিট ফাণ্ডৰ জৰিয়তে অসমৰ পৰা প্রায় ৭ কোটি টকা লুণ্ঠন কৰা আৰ ডি পি এল লেণ্ডমার্ক এণ্ড ইনফ্রাষ্ট্রাক৲চাৰ নামৰ প্রতিষ্ঠানখনৰ শীর্ষ বিষয়া মহেশ্বৰ ৰাওক গ্রেপ্তাৰ কৰিছে অসম আৰক্ষীৰ অর্থনৈতিক অপৰাধ তদন্ত শাখাই৷ গুৱাহাটীৰ পৰা যোৱা তদন্তকাৰী সংস্থাটোৰ দল এটাই দুলীয়াজানত মহেশ্বৰ ৰাওক গ্রেপ্তাৰ কৰি ৭মেত অসমৰ বিশেষ আদালতত হাজিৰ কৰাই দুদিনৰ জিম্মাত লয়।
উল্লেখযোগ্য যে ২০১০ চনৰ পৰাই গুৱাহাটী মহানগৰীৰ লগতে নগাঁও, ডিব্রুগড়, দুলীয়াজান, ডুমডুমা আদি অঞ্চলত কার্যালয় খুলি গ্রাহকৰ পৰা প্রতিষ্ঠানখনে ধন সংগ্রহ কৰিছিল৷ হাৰিয়ানাৰ কেইজনমান লোকে প্রথমে নিজ ৰাজ্যত চিট ফাণ্ড গঠন কৰি পৰৱর্তী সময়ত অসমকে ধৰি অন্য কেইবাখনো ৰাজ্যত কার্যালয় খুলি সাধাৰণ জনতাৰ পৰা ধন সংগ্রহ কৰিছিল৷
অসমত সংগ্রহ কৰা ধনৰ পৰিমাণ প্রায় ৭ কোটি টকা৷ গ্রাহকৰ পৰা এই বুজন পৰিমাণৰ ধন সংগ্রহ কৰি পৰৱর্তী সময়ত প্রতিষ্ঠানখনৰ বিষয়া-কর্মচাৰীয়ে পলায়ন কৰিছিল৷ কেইবাখনো চিট ফাণ্ড প্রতিষ্ঠানৰ বিৰুদ্ধে অভিযান চলাবলৈ পূর্বৰ চৰকাৰে নির্দেশ দিয়াৰ পাছত অর্থনৈতিক অপৰাধ তদন্ত শাখাই উক্ত প্রতিষ্ঠানখনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল৷ ২০১৫ চনত গোচৰ ৰুজু হৈছিল৷
কিন্তু গোচৰ ৰুজু হোৱাৰ পাছতেই প্রতিষ্ঠানখনৰ প্রায়বোৰ বিষয়া-কর্মচাৰী তথা স্বত্বাধিকাৰীয়ে আত্মগোপন কৰিছিল৷ কিন্তু তাৰ মাজতেই যোৱা বছৰ গ্রেপ্তাৰ হৈছিল প্রতিষ্ঠানখনৰ বিষয়া কুমুদ দাস৷ পৰৱর্তী সময়ত অন্য দুজন বিষয়া গ্রেপ্তাৰ হৈছিল আৰু শেহতীয়াকৈ গ্রেপ্তাৰ হ’ল মহেশ্বৰ ৰাও৷ ইতিমধ্যে আদালতে ধৃত ৰাওক দুদিনৰ বাবে তদন্তকাৰী সংস্থাটোৰ জিম্মালৈ প্রেৰণ কৰাৰ পাছতেই জেৰা আৰম্ভ কৰিছে৷ উল্লেখযোগ্য যে অন্য চিট ফাণ্ডসমূহৰ প্রায়বোৰ অভিযুক্ত গ্রেপ্তাৰ হৈছিল যদিও লেণ্ডমার্ক এণ্ড ইনফ্রাষ্ট্রাক৲চাৰৰ অন্যতম মুৰববী মহেশ্বৰ ৰাও পলায়ন কৰি থাকিবলৈ সক্ষম হৈছিল৷

No comments:

Post a Comment

SPONSORED