ধেমাজি জিলাৰ তিনিগৰাকী গৃহিণীৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ বাৰ্তালাপ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 29, 2018

ধেমাজি জিলাৰ তিনিগৰাকী গৃহিণীৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ বাৰ্তালাপ


ধেমাজি : ৰাজ্যৰ অন্যতম পিচপৰা জিলা হিচাপে চিহ্নিত ধেমাজি জিলাৰ তিনিগৰাকী গৃহিণীৰ সৈতে প্রত্যক্ষভাৱে বাৰ্তালাপ কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে। উজ্জ্বলা আঁচনিৰ পর্যালােচনা কৰাৰ উদ্দেশ্যে বিভিন্ন হিতাধিকাৰীৰ সৈতে কৰা বাৰ্তালাপৰ সময়ত প্রধানমন্ত্রীয়ে ধেমাজি জিলাৰ মহিলা তিনিগৰাকীৰ সৈতেও মত বিনিময় কৰে। মােডীয়ে দেশৰ বিভিন্ন প্রান্তৰ মুঠ ১৫ গৰাকী হিতাধিকাৰীৰ সৈতে উজ্জ্বলা আঁচনিৰ অগ্রগতি সন্দৰ্ভত আলােচনা কৰে। আনহাতে ছ'চিয়েল মিডিয়া, দূৰদৰ্শন আৰু নৰেন্দ্ৰ মােডী এপৰ জৰিয়তে দেশৰ প্রায় ১০ লাখ লােকে প্রধানমন্ত্রীৰ এই মত বিনিময় কার্যসূচী প্রত্যক্ষ কৰে। প্রধানমন্ত্রীয়ে বার্তালাপৰ বাবে বাছনি কৰা এই ৩ গৰাকী সৌভাগ্যৱান মহিলা হৈছে ধেমাজিৰ গপাকৰ তৰালি বৰা সােণােৱাল, বামগাঁৱৰ অঞ্জুমণি দাস আৰু জীয়াধল তিনিঘৰীয়াৰ মণিমা দেউৰী দলে। উক্ত মহিলা তথা হিতাধিকাৰী তিনিগৰাকীয়ে ধেমাজি জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত থকা ভিডিঅ’ কনফাৰেন্সৰ যােগেদি ধেমাজিৰ উপায়ুক্তৰ উপস্থিতিত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ লগত বার্তালাপ কৰে। প্রধানমন্ত্রীয়ে তেওঁলােকৰ পৰা উজ্জ্বলা আঁচনিৰ যােগেদি পােৱা লাভালাভৰ বিষয়ে জানিব বিচাৰে। মহিলাকেইগৰাকীয়ে উত্তৰ দিয়ে যে এই আঁচনি লাভ কৰি তেওঁলােক সুখী। বিনা পইচাত গেছৰ যােগান লাভ কৰা বাবে প্রধানমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰে। অসমীয়া ভাষাতে প্রশ্নৰ উত্তৰ দি দেশৰ প্ৰধানমন্ত্রীৰ লগত বার্তালাপ কৰাটো তেওঁলােকৰ বাবে পৰম। সৌভাগ্য বুলি মন্তব্য কৰি চৰকাৰৰ এই আঁচনিয়ে তেওঁলােকৰ দৰে বহু দৰিদ্র পৰিয়াল উপকৃত হােৱা বুলি উল্লেখ কৰে।
প্রধানমন্ত্রী উজ্জ্বলা যােজনাৰ একাংশ হিতাধিকাৰী মহিলাৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আজি মত বিনিময় কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে কয় যে এই আঁচনিৰ অধীনত যােৱা ৪ বছৰত ৪ কোটি দৰিদ্র মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযােগ দিয়াকে ধৰি মুঠ ১০ কোটি সংযােগ দিয়া হৈছে, অথচ স্বাধীনতাৰ ছটা দশকত মাত্র ১৩ কোটি পৰিয়ালকহে ৰন্ধন গেছৰ সংযােগ দিয়া হৈছিল। মােডীয়ে নিজৰ শৈশৱ ৰােমন্থন কৰে, যেতিয়া তেওঁৰ মাতৃয়ে খৰি বা গােবৰ জ্বলাই ৰন্ধাবঢ়া কৰিবলগীয়া হৈছিল। তেওঁ কয় যে উজ্জ্বলা যােজনাই দৰিদ্র, দলিত আৰু জনজাতিসকলৰ জীৱন-ধাৰণ শৈলী শক্তিশালী কৰি সামাজিক সবলীকৰণত প্রধান ভূমিকা গ্ৰহণ কৰিবলৈ সমর্থ হৈছে। উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত খৰি আৰু শুকান গােবৰেৰে ৰন্ধা-বঢ়া কৰােতে ওলােৱা ধোঁৱাত আক্ৰান্ত হৈ প্ৰতি বছৰে প্রায় ১০ লাখ ৩০ হেজাৰ লােকৰ মৃত্যু হয়। এই ধোঁৱাৰ প্ৰদূষণ ৰােধ কৰাৰ লক্ষ্যৰেই ২০১৬ চনৰ মে’ত উদ্বোধন কৰা উজ্জ্বলা আঁচনিৰ জৰিয়তে অহা তিনি বছৰত আন ৫ কোটি দৰিদ্র মহিলাক বিনামূলীয়া ৰন্ধন গেছ সংযােগ দিয়াৰ লক্ষ্য লােৱা হৈছে। এতিয়াৰে পৰা এই আঁচনিয়ে অনুসূচিত জাতিজনজাতি, পিচপৰা শ্রেণী, প্রধানমন্ত্রী গ্রামীণ আবাস যােজনাৰ হিতাধিকাৰী, অন্ত্যোদয়া অন্ন যােজনাৰ হিতাধিকাৰী, বনাঞ্চলত বাস কৰা লােক, নদীপৰীয়া আৰু নদীদ্বীপত বাস কৰা লােকসকলকো সামৰি ল'ব।

No comments:

Post a Comment

SPONSORED