মাণিকপুৰ : বিজেপি ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৰভোগ সমষ্টিৰ জামাতদাৰপুৰিত মংগলবাৰে দুপৰীয়া ৰাস্তা মেৰামতিৰ দাবীত ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয়লোকে প্ৰতিবাদ কৰে।
প্ৰায় ১ কিলোমিটাৰ ৰাস্তাত ছাত্ৰ-ছাত্ৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায়, ৰণজিৎ দাস মুৰ্দাবাদ, সৰভোগ-ওদালগুৰি ভায়া জামাতদাৰপুৰি ৰাস্তা মেৰামতি কৰক, ৰাস্তা পকীকৰণ কৰক, অভাৰ লোডিং বন্ধ কৰক, আদি শ্লোগানেৰে উত্তাল কৰি জামাতদাৰভৰিত পথ অৱৰোধ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। শীঘ্ৰে পথছোৱা মেৰামতি নকৰিলে ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি সকীয়াই দিয়ে।
পৰিৱৰ্ত্তনৰ শ্লোগানেৰে ক্ষমতা দখল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনো পৰিৱৰ্তন নকৰাৰ লগতে ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে কোনো গুৰুত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰে।


No comments:
Post a Comment