হাউলীস্থিত ভৱানীপুৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, June 18, 2018

হাউলীস্থিত ভৱানীপুৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ


হাউলী : প্ৰাথমিক বিদ্যালয়ৰ কৰ্মৰত প্ৰধান শিক্ষকৰ মৰ্যাদা দি নিৰ্ধাৰিত গ্ৰেড পে আদায় সহ ৯ দফীয়া দাবীৰ সমৰ্থনত ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি ৰাতিপুৱা ৯-৩০ বজাত হাউলীস্থ ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে।প্ৰতিবাদকাৰী শিক্ষক-শিক্ষয়িত্ৰী সকলে অসম চৰকাৰ হায়, হায়, শিক্ষামন্ত্ৰী হায়, হায়, প্ৰাথমিক শিক্ষকৰ মাজত বিভাজনৰ ৰাজনীতি বন্ধ কৰক, ঠিকাভিত্তিক শিক্ষকক বিনা চৰ্তে নিয়মীয়া কৰক, বৃত্তি পৰীক্ষা অনুষ্ঠিত নোহোৱাৰ কাৰণ তদন্ত কৰক, জিলা ভিত্তিত টাইমস্কেল পদোন্নতিৰ সুবিধা লাভৰ সুযোগ দিয়ক আদি শ্লোগানেৰে কাৰ্যালয় চৌহদত আকাশ-বতাহ কঁপাই তোলে।উক্ত কাৰ্যসূচীত ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি মোকাদ্দেছ আলী, সাধাৰণ সম্পাদক আব্দুল কৰিম, সহঃ সম্পাদক নাজিম উদ্দিনকে আদি কৰি প্ৰায় তিনি শতাধিক শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে। অনাগত দিনত চৰকাতে শিক্ষক সকলৰ দাবী সমুহ পুৰণ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি প্ৰদান কৰে ভৱানীপুৰ খণ্ড প্ৰাথমিক শিক্ষাক সন্মিলনৰ সভাপতি মুকাদ্দেছ আলীয়ে।

No comments:

Post a Comment

SPONSORED