তামাৰহাট : "আমাক ভোট দিয়ক ভোটত জিকিলে দিনটোৰ ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা হব" এই প্ৰতিশ্ৰুতিৰে দিছপুৰ দখল কৰা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ খনে গাদী দখল কৰাৰ পিছত বিদ্যুৎ যোগানৰ ক্ষেত্ৰত ৰাইজক বুঢ়া আঙুলি দেখুৱাইছে। পাহৰি গৈছে নিজৰ প্ৰতিশ্ৰুতিৰ কথা। এই অভিযোগ এতিয়া সৰ্বসাধাৰণ ৰাইজৰ। কাৰণ বিগত কিছুদিন ধৰি দেখা দিয়া অনাবৃষ্টি আৰু অতিপাত গৰমে দহি আহিছে সমগ্ৰ ৰাজ্যবাসীক।
সূৰ্য দেৱতাৰ এনে কুপদৃষ্টিৰ পৰা সাৰি যোৱা নাই অসম বংগ সীমান্তবৰ্তী তামাৰহাট অঞ্চল। উষ্ণতা দিনক দিনে বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ আন আন ঠাইৰ দৰে বৃহত্তৰ তামাৰহাট অঞ্চলৰ মানুহৰ স্বাভাৱিক জীৱন যাত্ৰা যেন ব্যাহত হৈ পৰা পৰিলক্ষিত হৈছে। বিদ্যুতৰ সহায়ত বিভিন্ন পদ্ধতিৰে উৎকট গৰমৰ পৰা কিছু পৰিমানে হলেও সকাহ পোৱাৰ আশা কৰে যদিও সেয়াও এতিয়া কল্পনাতীত।
কাৰণ দিনটোৰ ২৪ ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ কথা কোৱা চকাৰখনে এতিয়া মাত্ৰ তিনি-চাৰি ঘণ্টা বিদ্যুৎ যোগান ধৰি আহিছে যদিও এই বাৰ গোঁসাইগাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ গাফিলাতিৰ বাবে সেই বিদ্যুতৰ পৰাও বঞ্চিত হ’বলগা হৈছে তামাৰহাট অঞ্চলৰ গ্ৰাহকে।
উল্লেখ্য যে শেহতীয়াকৈ কাৰ্যালয়টোৰ পৰা তামাৰহাট অঞ্চলত ২৪-২৫ ঘণ্টা বিদ্যুৎ যোগান নধৰাত অতিকৈ জলা-কলা খাবলগা হৈছে সৰ্বসাধাৰণ ৰাইজে। কেৱল সেয়াই নহয় স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত পঢ়া-শুনাৰ ক্ষেত্ৰত বাৰুকৈয়ে অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।
ইয়াৰ সমান্তৰালকৈ অঞ্চলটোৰ সৰু-বৰ ব্যৱসায়ীক প্ৰতিষ্ঠান, হাট বজাৰৰ ব্যৱসায়ী, চৰকাৰী কাৰ্যালয় আদি সকলোতে দুৰ্ভাগ৷ আনহাতে একাংশ ইছলাম ধৰ্মীয় লোকে অভিযোগ কৰা মতে, পবিত্ৰ ৰমজান মাহ চলি থকা সময়ছোৱাত বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত অধিক খেলিমেলি কৰি আহিছে গোসাইগাঁও বিদ্যুৎ উপ সংমণ্ডলে।
ইপিনে নতুনকৈ বিদ্যুৎ বিভাগৰ দায়িত্ব গ্ৰহণ কৰা মন্ত্ৰী তপন কুমাৰ গগৈয়ে উক্ত বিষয়টোত অধিক গুৰুত্ব দি সৰ্বসাধাৰণ ৰাইজে ভুগি অহা সমস্যাটো সমাধান কৰা, গোসাইগাঁও বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ৰ দায়িত্বত থকা কৰ্মচাৰীসকলৰ মৈমতালিক নাকী লগাই নিয়ন্ত্ৰণ কৰা আৰু ২৪ ঘণ্টা অঞ্চলটোত বিদ্যুৎ যোগান দিয়াৰ বাবে সৰ্বসাধাৰণ ৰাইজে দাবী জনাইছে।
No comments:
Post a Comment