ডিব্ৰুগড় : ইউনিক'ডত টাই-আহােম লিপিয়ে লাভ কৰিলে আন্তঃৰাষ্ট্রীয় স্বীকৃতি। অসমীয়া লিপিয়ে স্বতন্ত্র স্বীকৃতি লাভ নকৰাক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰি থকাৰ মাজতে পৰা অসমৰ আহােম জনগােষ্ঠীৰ টাই-আহােম লিপিয়ে আন্তঃৰাষ্ট্ৰীয় মান্যতা লাভ কৰাৰ খবৰে স্বাভাৱিকতে জনগােষ্ঠীটোৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। ইপিনে ইউনিক'ডত টাইআহােম লিপিলৈ আন্তর্জাতিক স্বীকৃতিৰ পিচত আহােম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্রতিষ্ঠানে গৌৰৱবােধ কৰাৰ লগতে আহােম লিপিৰ সম্প্ৰসাৰণ আৰু অধিক প্রচাৰৰ বাবে চৰকাৰক আহ্বান জনাইছে। ইয়াৰ বাবে প্রসিদ্ধ ভাষাবিদ-গৱেষক ড° ষ্টিফেন মৰে আৰু মার্টিন হাছকেক অসমত ৰাজহুৱাকৈ সম্বর্ধনা জ্ঞাপন কৰিব বুলি আহােম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্রতিষ্ঠানে উল্লেখ কৰিছে।
ষ্টিফেন মৰেই ডিব্ৰুগড়ৰ লগতে অসমৰ বিভিন্ন প্রান্তত সুদীর্ঘ সােতৰ বছৰ থাকি টাই-আহােম ভাষাৰ অধ্যয়ন তথা গৱেষণা কৰি ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্রীয় স্বীকৃতি তথা ইউনিক'ডত স্থান দিবৰ বাবে প্রতিবেদনসহ আবেদন দাখিল কৰিছিল। পৰৱৰ্তী সময়ত আন্তর্জাতিক মান নিৰূপক ব্যৱস্থা ইউনিক'ড কনছ’র্টিয়ামে দক্ষিণ-পূর্ব এছিয়া খণ্ডৰ ভিতৰত প্রথম স্থান অধিষ্ঠিত কৰিছে আহােম লিপিক। ইউনিক'ডত আহােম লিপি ৰেঞ্জ ১১৭০০-১১৭এফ-ত উপলব্ধ। দি ইউনিক'ড ষ্টেণ্ডার্ড ভাৰ্ছন-১বিষয় বুলি মন্তব্য কৰিছে আহােম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্রতিষ্ঠানে।
শুক্ৰবাৰে ডিব্ৰুগড় চহৰৰ মিলনগৰস্থিত আহােম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্রতিষ্ঠানৰ কাৰ্যালয়ত এক সংবাদমেলৰ জৰিয়তে অসম চৰকাৰক পূর্বে নিযুক্তি দিয়া টাই ভাষাৰ শিক্ষকসকলক আহােম ভাষা শিক্ষক বুলি পৰিচয় দিয়াৰ দাবী জনােৱাৰ লগতে আহােম ভাষাৰ শিক্ষানুষ্ঠান স্থাপনৰ দাবী কৰিছে সংগঠনটোৱে। আহােম লিপিৰে চকলং, মে-দাম মেফি, পী-নে-দাম, বান-ফী, হা-ফুনক আৰু ঠাইৰ নাম, সম্বন্ধবাচক শব্দ, উপাধি, নৈ-বিল আদিৰ নামকে ধৰি অন্যান্য চর্চা চলি থকাৰ বিষয়ে উল্লেখ কৰি শিক্ষানুষ্ঠানত আহােম লিপিৰে পাঠদান বাধ্যতামূলক কৰাৰ দাবী কৰে।
সংবাদমেলত আহােম বুৰঞ্জী আৰু সংস্কৃতি গৱেষণা প্রতিষ্ঠানৰ সভাপতি ভৰত সন্দিকৈ, কার্যকৰী সভাপতি দুর্লভ চেতিয়া, সাধাৰণ সম্পাদক দিগন্ত ফুকন, আহােম সভাৰ ডিব্ৰুগড় সদৰ সম্পাদক দুর্লভ গগৈ আদিকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।১.০'ত আহােম লিপি লিপিবদ্ধ হৈছে। যি সময়ত অসমৰ ৰাজ্যভাষা অসমীয়া লিপিক এক স্বতন্ত্র লিপি হিচাপে স্বীকৃতি প্রদান নকৰি সংশ্লিষ্ট কর্তৃপক্ষই তালিকাৰ দ্বিতীয় স্থানত বাঙালী-অসমীয়া বুলি লিপিবদ্ধ কৰিছে, সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ টাই-আহােম লিপিক মান্যতা প্রদান কৰাটো সমগ্ৰ অসমীয়া তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই গৌৰৱৰ
No comments:
Post a Comment