মৰিগাঁও : যোৰহাট ষ্টেডিয়াম ত অনুষ্ঠিত ৩৮ মত সদৌ অসম চাব জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ মৰিগাঁও জিলাৰ খেলুৱৈ সকলৰ ৯ গৰাকী খেলুৱৈয়ে পদক লাভ কৰে।অসম অমেটিউৰ বক্সিং সংস্থাৰ সহযোগত যোৰহাট জিলা অমেটিউৰ বক্সিং সংস্থা ই আয়োজন কৰা এই প্ৰতিযোগিতাৰ চাব জুনিয়ৰ পৰ্যায়ৰ ৩০-৩২ কিল' গ্ৰাম শাখাত মৰিগাঁৱৰ ৱাহিদুৰ ৰহমানে প্ৰথম স্থান লাভ কৰে। ইয়াৰ লগতে মৰিগাঁৱৰ অস্মিত পাটৰ,চাফামাউম আৰু ৰাজীৱ আলিয়ে ক্ৰমে দ্বিতীয়(৪৮-৫০ কিল'গ্ৰাম শাখা), তৃতীয়(৩৬-৩৮কিল'গ্ৰাম শাখা) আৰু তৃতীয়(৩৮-৪০কিল'গ্ৰাম শাখা) স্থান লাভ কৰে। আনহাতে ছোৱালী ৰ বাবে অনুষ্ঠিত ৪০-৪৩ কিল'গ্ৰাম শাখাত জিলা খনৰ সংগীতা দাসে দ্বিতীয় আৰু সংগীতা বসুমতাৰীয়ে তৃতীয় স্থান লাভ কৰে। ইফালে জুনিয়ৰ পৰ্যায়ৰ ছোৱালী শাখাৰ খেলত কানিয়াই ডেকাই দ্বিতীয় (৫২-৫৪ কিল'গ্ৰাম শাখা) আৰু ৰেজুৱানা বেগমে ও দ্বিতীয় (৫৮-৬০ কিল'গ্ৰাম শাখা) স্থান লাভ কৰে। ইয়াৰ ওপৰিও জুনিয়ৰ পৰ্যায়ৰ ল'ৰাৰ শাখাত কেশৱ টেৰনে তৃতীয় (কিল'গ্ৰাম শাখা) স্থান লাভ কৰে। জিলা খনলৈ গৌৰৱ কঢ়িয়াই অনা এই নগৰাকী খেলুৱৈক বিভিন্ন মহলে অভিনন্দন জনাইছে।
Responsive Ads Here
Wednesday, July 25, 2018
Home
আঞ্চলিক
অসম চাব জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত মৰিগাঁৱৰ ন গৰাকী খেলুৱৈয়ে জিনিলে পদক
অসম চাব জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা বক্সিং প্ৰতিযোগিতাত মৰিগাঁৱৰ ন গৰাকী খেলুৱৈয়ে জিনিলে পদক
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment