বৰপেটা : ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞান মনষ্কতা বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে কিছু নিৰ্দিষ্ট হাইস্কুলত সম্প্ৰতি চলি থকা গ্ৰীষ্মকালীন বন্ধত এখনিকৈ বিজ্ঞান কৰ্মশালাৰ আয়োজন কৰিছে৷ সেই মৰ্মে বৰপেটা জিলাৰ চাৰিখন হাইস্কুলত অনুষ্ঠিত হব এই বিজ্ঞান কৰ্মশালা৷ শণিবাৰে বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলত তেনে এখনি বিজ্ঞান কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়৷ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ উদ্যোগত আয়োজিত এই কৰ্মশালাখনিৰ শুভ উদ্বোধন কৰে সাংবাদিক জয়ন্ত কুমাৰ দাসে৷ গোপীনাথ বৰদলৈ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী চৌধুৰীৰ সঞ্চালনাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকি কৰ্মশালাখনিৰ উদ্দেশ্য , লক্ষ্য আৰু কৰ্মসূচীৰ ওপৰত বক্তব্য আগবঢ়ায় বিজ্ঞান ফেচিলেটৰ নেৱাজুল ইছলাম আৰু অংকৰ ফেচিলেটৰ কুলজিৎ দাসে৷ অনুষ্ঠানত শিক্ষক ক্ৰমে মহম্মদ শিকদাৰ, ৰীমা কলিতা, অৰ্জুন কুমাৰ দাসে বিজ্ঞান আৰু অংকৰ গুৰুত্বৰ ওপৰত বক্তব্য আগবঢ়ায়৷ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অঞ্জনজ্যোতি তালুকদাৰ আৰু ছাত্ৰী ৰীমা পণ্ডিতে চৰকাৰে তেওঁলোকক এই সুবিধা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁলোক এই কৰ্মশালাৰ পৰা যথেষ্ট উপকৃত হব বুলি আশা প্ৰকাশ কৰে৷ উল্লেখ্য যে কৰ্মশালাখনি অহা ১৯ জুলাইত সামৰণি পৰিব আৰু কৰ্মশালাখনিত বিজ্ঞান আৰু অংকৰ বিভিন্ন ব্যৱহাৰীক দিশ সামৰি ২০ জন নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰছাত্ৰীক প্ৰশিক্ষণ দিয়া হ’ব৷
Responsive Ads Here
Monday, July 16, 2018
বৰপেটাৰোডৰ গোপীনাথ বৰদলৈ হাইস্কুলত বিজ্ঞানৰ কৰ্মশালাৰ শুভাৰম্ভ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment