অভিনেত্রী আয়েশাক ভাবুকি দুৰ্বৃত্তৰ : থানাত গােচৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, July 05, 2018

অভিনেত্রী আয়েশাক ভাবুকি দুৰ্বৃত্তৰ : থানাত গােচৰ


মুম্বাই : বলীউড অভিনেত্রী আয়েশা টাকিয়াক ভাবুকি দিছে অচিনাক্ত দুবৃর্তই। পত্নী, মাতৃ, ভগ্নীক ফোনযােগে দিয়া এনে ভাবুকিৰ পিছত মুম্বাইৰ এখন থানাত দুৰ্বৰ্তৰ বিৰুদ্ধে এটি গােচৰ ৰুজু কৰিছে অভিনেত্রীগৰাকীৰ স্বামী ফাৰহান আজমীয়ে। টুইটাৰত এই কথা সদৰী কৰি ভাবুকি কাণ্ডক অৱহেলা কৰা বুলি আৰক্ষীৰ এগৰাকী শীর্ষ বিষয়াৰ প্রতিও অভিযােগ তােলে ফাৰহান আজমীয়ে।
উল্লেখ্য যে আয়েশাৰ ম’বাইল ফোনযােগে ভাবুকি দিয়া দুবৃত্তক গ্রেপ্তাৰ তথা সমগ্র ঘটনাত হস্তক্ষেপ কৰিবলৈ প্রধানমন্ত্রী, সুষমা স্বৰাজক আহ্বান জনায় আজমীয়ে। উল্লেখ্য, আয়েশাৰ বেংক একাউন্ট জব্দ কৰা বুলিও আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে অভিযােগ কৰে অভিনেত্রীগৰাকীৰ স্বামীয়ে।

No comments:

Post a Comment

SPONSORED