মৰাণঃ মৰাণৰ এগৰাকী ব্যতিক্ৰমী শিপিনী। নাম হেমপ্ৰভা চুতীয়া। তাঁতশালত "গুণমালা" আৰু "নামঘোষা" বৈ উলিওৱাৰ পিছত এইবাৰ শিপিনী গৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে আন এখন ধৰ্মগ্ৰন্থ " শ্ৰীমদ্ভাগৱত গীতা" । ২০১৬ চনৰ ৪ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা এই ধৰ্ম গ্ৰন্থখনি সংস্কৃত ভাষাত বৈ উলিয়াইছে মৰাণ ফটিকাচোৱাৰ হেমপ্ৰভা চুতীয়াই । দেওবাৰে জোনাকী মেল : মৰাণৰ উদ্যোগত বস্ত্ৰশিল্পৰ অনুপম সৃষ্টি গীতাশাস্ত্ৰখনি শিল্পী গৰাকীৰ বাসগৃহত বিশেষ ভাৱে উম্নোচন কৰা হয়। উম্নোচনী সভাত মৰাণ অঞ্চলৰ ভালে সংখ্যক লোক উপস্থিত থকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আধ্যাত্মিক চিন্তাৰে উদ্বুদ্ধ তাঁতশালৰ শিল্পী হেমপ্ৰভা চুতীয়াৰ মনতো আছে অলেখ সপোন। ৰাইজৰ মৰম আৰু আৰ্শীবাদত শিল্পীগৰাকীৰ সপোনে বাস্তৱ ৰূপ পাব বুলিও তেওঁ আশাবাদী । আনহাতে সপোনৰ সমান্তৰালকৈ শিল্পীগৰাকীৰ চৰকাৰৰ বিৰুদ্ধেও আছে কিছু ক্ষোভ । চৰকাৰে শিল্পী গৰাকীক যেনে ধৰণে গুৰুত্ব দিব লাগিছিল সেয়া কিন্তু দিয়া হোৱা নাই । শিল্পী গৰাকীৰ এই অনুপম সৃষ্টি সমূহ সংৰক্ষণ কৰিবৰ বাবে অসম চৰকাৰক আবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো সুদত্তৰ নাপালে শিল্পীগৰাকীয়ে । উপায়ন্তৰ হৈ তেওঁ ৰাইজৰ সহযোগ বিচাৰিছে । ৰাইজে তেওঁৰ এই অনুপম সৃষ্টি কেইপদ সংৰক্ষণৰ ব্যৱস্থা কৰি দিলে শিল্পী গৰাকীৰ এই মধুৰ সপোন বিলাক বাস্তৱ ৰূপ পাব ।
Responsive Ads Here
Monday, August 27, 2018
Home
আঞ্চলিক
"গুণমালা" আৰু "নামঘোষাৰ" পিছত এইবাৰ মৰাণৰ হেমপ্ৰভা চুতীয়াই তাঁতশালত বৈ উলিয়ালে "শ্ৰীমদ্ভাগৱত"
"গুণমালা" আৰু "নামঘোষাৰ" পিছত এইবাৰ মৰাণৰ হেমপ্ৰভা চুতীয়াই তাঁতশালত বৈ উলিয়ালে "শ্ৰীমদ্ভাগৱত"
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment