খোৱাং : মৰাণৰ খোৱাং হালধিবাৰী বৰপথাৰত এনকেফেলাইটিছ সদৃশ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে । একেটা পৰিয়ালৰ মুঠ ছয়জন (৬) লোক আক্ৰান্ত হৈছে ।ইয়াৰে চাণ্ডুল্য বৰগোঁহাই (৫) নামৰ শিশুটি ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে । আনহাতে চিকিৎসা মহাবিদ্যালয়খনত শিশুটি পিতৃ-মাতৃ, দুই খুড়াক আৰু আইতাক ক্ৰমে -লুহিত বৰগোঁহাই(৩৫),পৰশমণি বৰগোঁহাই(৩২), ধৰ্ম বৰগোঁহাই(৩২), ডিম্পল বৰগোঁহাই(৩০) আৰু প্ৰমিলা বৰগোঁহাই(৬২) চিকিৎসাধীন অৱস্থাত আছে । স্বাস্থ্য বিভাগে অঞ্চলটোত আৰু অধিকলোক যাতে এই ৰোগত আক্ৰান্ত নহয় তাৰ বাবে ফ্লগিঙৰ ব্যৱস্থা কৰিছে। ইফালে চিকিৎসকে সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ মতে মৃত্যু হোৱা শিশুটিৰ তেজত এনকেফেলাইটিছৰ বীজাণু ধৰা পৰা নাই যদিও এনকেফেলাইটিছ সদৃশ ৰোগ বুলিহে সন্দেহ কৰিছে । উল্লেখ্য যে সমগ্ৰ খোৱাং অঞ্চলটোত আজি কিছুদিন ধৰি এনকেফেলাইটিছে এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে । কিছুদিনৰ আগতে খোৱাং বাঁহবাৰীত এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোক মৃত্যু হোৱাৰ পিছত হালধীবাৰী বৰপথাত একেধৰণৰ ৰোগত ৬ জনকৈ লোক আক্ৰান্ত হোৱাত অঞ্চলটোৰ ৰাইজ শংকিত হৈ পৰিছে । স্বাস্থ্য বিভাগে আক্ৰান্ত হোৱা অঞ্চল বিলাকত ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কাষৰীয়া গাওঁ বিলাকত আগতিয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। সমগ্ৰ অঞ্চলটোত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু লোক আক্ৰান্ত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বিগত বৰ্ষতো খোৱাং অঞ্চলটোত কেইবাজনো লোক এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল'ব লগা হৈছিল।
Responsive Ads Here
Thursday, August 23, 2018
মৰাণৰ খোৱাঙত এনকেফেলাইটিছ সদৃশ ৰোগত এজনৰ মৃত্যু, আক্ৰান্ত ৫
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment