এন আৰ চি সেৱা কেন্দ্ৰ পৰিদৰ্শন : সচেতন যুৱ সমাজে শিক্ষিত যুৱ-যুৱতীক প্ৰদান কৰিব প্ৰ-পত্ৰ পূৰণৰ প্ৰশিক্ষণ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, August 08, 2018

এন আৰ চি সেৱা কেন্দ্ৰ পৰিদৰ্শন : সচেতন যুৱ সমাজে শিক্ষিত যুৱ-যুৱতীক প্ৰদান কৰিব প্ৰ-পত্ৰ পূৰণৰ প্ৰশিক্ষণ

বৰপেটাৰোড : বাক্সা জিলাৰ গোৱৰ্ধনা থানৰ অন্তৰ্গত বৃহৎ অঞ্চলৰ বিভিন্ন ঠাইত বহু প্ৰকৃত ভাৰতীয় মানুহৰ নাম এনআৰচিৰ চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভূক্ত নোহোৱাত বহুলোক চিন্তিত তথা শংকিত হৈ থকাৰ সময়তে আজি সচেতন যুৱ সমাজ¸অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সমন্বয়ক সাজাহান আলী আহমেদে স্থানীয় এদল যুৱকৰ সহযোগত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ লগত মিলিত হোৱাৰ লগতে কাটাঝাৰ ঘোঁৰামাৰা বজাৰৰ লগতে নিমুৱা ভিচিডিচিৰ বড়োলেণ্ড ছাত্ৰ সন্থাৰ বংশীবাৰীস্হিত এনআৰচি সহায়ক কেন্দ্ৰ পৰিদৰ্শন কৰে।
আহমেদে ‘সংবাদ প্ৰহৰী’ক জনোৱা মতে— বিভিন্ন অঞ্চলৰ শিক্ষিত যুৱক-যুৱতীসকলক সচেতন যুৱ সমাজ¸ অসমৰ তৰফৰ পৰা প্ৰশিক্ষণ দিয়া হ'ব। যাতে প্ৰকৃত ভাৰতীয় মানুহৰ নাম চুড়ান্ত খচৰাত বাদ নপৰে। ইফালে আহমেদে কাটাঝাৰ ১ নং আৰু ২ নং এন এছ কে পৰিদৰ্শন কৰি মানুহৰ সহাৰিৰ বুজ লয়। ইয়াৰে কাটাঝাৰ ২নং এন এছ কে অনিয়মিয় ভাবে খোলা বাবে ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে প্ৰায়ে বন্ধ থকা উক্ত এন এছ কে খনত প্ৰতিদিনে প্ৰায় ১০-১৫ কি¸ মি¸ দূৰৰ পৰা জনসাধাৰণে নিজৰ এআৰএন নং পৰীক্ষা কৰিবলৈ আহে। তেওঁ এন এছ কে খন নিয়মীয়াকৈ খুলি প্ৰকৃতপক্ষে নিজৰ দায়িত্ব পালন কৰাৰ বাবে কৰ্তৃপক্ষক আহ্বান জনায়৷


আনহাতে কাটাঝাৰ বজাৰৰ এন এছ কে দুখনক কেন্দ্ৰ কৰি বাক্সা জিলাৰ কাটাঝাৰ বজাৰত থকা উক্ত এনএছকে কেন্দ্ৰ কৰি অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাত ৰাইজে কিছু পৰিমাণে শংকাৰ মাজত থাকিলেও এন আৰ চিক কেন্দ্ৰ কৰি কোনো উত্তেজনাৰ পৰিৱেশ গোৱৰ্ধনা আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলত সৃষ্টি হোৱা নাই বুলি আৰক্ষী বিষয়া গোপাল দাসে জানিবলৈ দিয়ে।

No comments:

Post a Comment

SPONSORED