পানেৰীত শিৱভক্ত কঢ়িওৱা পিক ভান দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ ৩৬ জন আহত - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, August 20, 2018

পানেৰীত শিৱভক্ত কঢ়িওৱা পিক ভান দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ ৩৬ জন আহত


ওদালগুৰি : ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত খ্ৰীষ্টানপাৰাত আজি দিনৰ দহ মান বজাত হাতীগড় চাহ বাগিচাৰ কাষৰ মাজুলীৰ পৰা পানেৰীলৈ ৪০গৰাকী শিৱভক্তক কঢ়িয়াই অনা বাহন এখন হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে দুৰ্ঘটনাত পতিত হয়৷

আহতসকলৰ ভিতৰত গুৰতৰভাৱে আহত জিন্টু টিৰ্কী (৩), ববিতা মানকি (৮), যোগশ্বৰ চিলা (১১), শেৱালি ভূমিজ (১২), ওম পানিকা (১১), প্ৰক্ষিত গড় (১২) নৱনীতা নাগ (১২), গৌৰী তচা (১৩), ৰাধিকা বেহেৰা (১২), লক্ষ্মী তাঁতী (১১), সূৰ্যমনি বেহেৰা (১২), সমীৰ দেৱ (১২), জনিকা কুজুৰ (১২) আৰু উমা মুণ্ডা (৪৮) বৰ্তমান পানেৰী স্বাস্থ্যকেন্দ্ৰত চিকিত্সাধীন হৈ আছে৷ নতুনকৈ ক্ৰয় কৰা পঞ্জীয়ন নোহোৱা বাহনখনৰ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ৷

আনহাতে নীতি-নিয়ম উলংঘা কৰি এনে অতিৰিক্ত বোজা কঢ়িয়াই অনাৰ বাবে চালক অথবা গাড়ীৰ গৰাকীৰ ওপৰত ৰাইজে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে৷

No comments:

Post a Comment

SPONSORED