তামাৰহাট : চৰকাৰ তথা শিক্ষা বিভাগে চৰকাৰী বিদ্যালয় সমুহত সম্পূৰ্ণ ''বিনামূলীয়া শিক্ষা'' বাধ্যতামূলক কৰিছে যদিও একাংশ দূৰ্নীতিগ্ৰস্ত শিক্ষকে চৰকাৰৰ এই নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই নিজৰ ইচ্ছামতে ছাত্ৰ-ছাত্ৰীৰ পৰা বলপূৰ্বক অবৈধ ধন সংগ্ৰহ অব্যাহত ৰাখিছে। জানিব পৰা মতে, ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ অন্তৰ্গত "দাৰুল উলুম এম ই মাদ্ৰাছা"ৰ প্ৰধান শিক্ষক ওৱাজেদ আলীৰ বিৰুদ্ধে উত্থাপন হৈছে ধন সংগ্ৰহৰ বিভিন্ন অভিযোগ। মাদ্ৰাছা খনত অনিয়মীয়া পাঠদান, মধ্যাহ্ন ভোজনত দুৰ্নীতিৰ উপৰিও এইবাৰ আকৌ স্কলাৰশ্বিপৰ নামত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা অবৈধ ভাৱে ৫১০/- টকা কৈ সংগ্ৰহ কৰি আন এক নতুন অভিযোগৰ সৃষ্টি কৰিছে প্ৰধান শিক্ষক ওৱাজেদ আলী সেখে । জানিব পৰা মতে ২০১৮ বিত্তীয় বৰ্ষত ধৰ্মীয় সংখ্যা লঘু ছাত্ৰ ছাত্ৰী সকলোক ১০,০০০/- (দহ) হাজাৰ টকাকৈ স্কলাৰশ্বিপ দিয়া হব বুলি কৈ প্ৰতি গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা ৫১০/- টকাকৈ বলপূৰ্বক অবৈধ ভাৱে সংগ্ৰহ কৰিছে । কোনো এজন ছাত্র ই দহ টকা কম দিছে বাবে তাৰ টকা দলিয়াই দিয়াৰো অভিযোগ তুলিছে অবিভাৱকে । মুঠ দুশ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ৬৯ গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা ৫১০/-টকাকৈ সংগ্ৰহ কৰিছে শিক্ষক জনে । এই অভিযোগৰ ভিত্তিত আমাৰ সাংবাদিকে মাদ্ৰাছাখনত উপস্হিত হৈ চৰ্জমিন তদন্ত চলোৱাত প্ৰধান শিক্ষক গৰাকীয়ে সকলো কথা স্বীকাৰ কৰে । তাৰোপৰি প্ৰধান শিক্ষক গৰাকীয়ে নিজে অবৈধ ভাবে দোকানীৰ নামত ছিল আৰু চালান বনাই মধ্যাহ্ন ভোজনৰ ভাউচাৰ বনায় বুলিও গেলা -মাল দোকানীয়ে সাংবাদিকৰ আগত অভিযোগ কৰিছে । কিন্তু এই ক্ষেত্ৰত কোনো মাত মতা নাই চতুৰ শিক্ষক জনে। এই বিষয়ে জানিবলৈ বিচৰাত সাংবাদিকৰ আগতে দোকানীৰ ওপৰত খং ওজাৰে প্ৰধান শিক্ষক জনে। প্ৰধান শিক্ষক গৰাকীৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে অভিভাৱক সকলে ক্ষুব্ধ হৈ পৰিছে । চৰকাৰ বা বিভাগীয় কতৃপক্ষই শিক্ষক গৰাকীৰ বিৰুদ্ধে কি পদক্ষেপ লয় এয়াই হব লক্ষ্যনীয় বিষয়।
Responsive Ads Here
Wednesday, August 29, 2018
Home
আঞ্চলিক
প্ৰধান শিক্ষকে স্কলাৰশ্বিপৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা অবৈধ ধন সংগ্ৰহ : ভুৱা চালানেৰে মধ্যাহ্ন ভোজনৰ ধন আত্মসাতৰ অভিযোগ
প্ৰধান শিক্ষকে স্কলাৰশ্বিপৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা অবৈধ ধন সংগ্ৰহ : ভুৱা চালানেৰে মধ্যাহ্ন ভোজনৰ ধন আত্মসাতৰ অভিযোগ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment