ম্যানমাৰৰ পৰা যোৱা ৰহিঙীয়াৰ সংখ্যাতকৈও অসমৰ পৰা বাংলাদেশলৈ যাব লগা লোকৰ সংখ্যা চাৰি গুণতকৈ অধিক হ’ব বুলি প্রচাৰ চলাই বাংলাদেশ প্রশাসন তথা ৰাইজক সজাগ হৈ থাকিবলৈ দেশখনৰ সংবাদ-পত্রৰ জৰিয়তে একাংশ বুদ্ধিজীৱীয়ে প্রচাৰ আৰম্ভ কৰিছে৷ বাংলাদেশীয়ে বাংলাদেশ এৰি অসমত প্রৱেশ কৰাৰ সময়ত নিমাতে থকা দেশখনৰ বুদ্ধিজীৱীয়ে এতিয়া অকস্মাৎ দেশখনৰ জনতাক সজাগ কৰিবলৈ উঠি-পৰি লাগিছে৷
অসমত চিনাক্ত হোৱা বাংলাদেশীসকল গ্রহণ কৰিব লাগিলে দেশখনৰ অর্থনীতিত নেতিবাচক প্রভাৱ পৰিব বুলি প্রচাৰ চলাইছে৷ সেইদৰে নিৰাপত্তা আৰু সামগ্রিকভাৱে দেশখনৰ পৰিস্থিতি সলনি হৈ পৰিব বুলিও প্রচাৰ চলাইছে৷ বাংলাদেশৰ পৰা প্রকাশিত ‘দৈনিক ইনকিলাব’ নামৰ বাতৰি কাকতখনে প্রকাশ কৰা অনুসৰি ৰহিঙীয়াৰ প্রৱেশৰ পাছত দেশখনৰ নিৰাপত্তা, অর্থনৈতিক পৰিস্থিতিৰ মাৰাত্মক ক্ষতি হৈছে৷ এনে সময়ত যদি অসমত নাগৰিকত্বৰ পৰা বঞ্চিত হোৱাসকল বাংলাদেশলৈ যাব লগা হয় তেন্তে আর্থিক পৰিস্থিতিৰ লগত মোকাবিলা কৰা অসম্ভৱ বুলি কাকতখনৰ জৰিয়তে দেশখনৰ জনতাৰ মাজত প্রচাৰ চলোৱা হৈছে৷ ইয়াক লৈ জনতাক সাৱধান হ’বলৈও কোৱা হৈছে৷
কিন্তু গুৰুত্বপূর্ণ কথাটো এয়ে যে অসমত এন আৰ চিৰ পৰা বাদ পৰা লোকসকল বাংলাদেশী নহয় বুলি বাংলাদেশৰ বুদ্ধিজীৱীয়ে দাবী কৰিব পৰা নাই৷ মাথোঁ উগ্র হিন্দুত্ববাদৰ কথা কৈ মুছলমানক এন আৰ চিৰ পৰা বাদ দিয়াৰ কথা কৈছে৷ ‘আছামেৰ নাগৰিকত্বৰ পৰা বঞ্চিত মুছলমানেৰ কি হ’বে’ বুলি প্রচাৰ চলোৱা হৈছে৷ উল্লেখযোগ্য যে অসমত মুছলমান বুলি কোনো লোকক এন আৰ চিত নাম অন্তর্ভুক্তিৰ পৰা বঞ্চিত কৰা হোৱা নাই৷
যিসকল লোকে নির্ধাৰিত নথি-পত্র দাখিল কৰিব পৰা নাই, তেনে লোকৰ নামহে বাদ দিয়া হৈছে৷ এইক্ষেত্রত হিন্দু-মুছলমান বুলি কোনো কথা নাই৷ কাৰণ বহু হিন্দু লোকৰ নাম এন আৰ চিত সোমোৱা নাই৷ সেয়ে বাংলাদেশে কেৱল মুছলমানৰ নাম এন আৰ চিত নোসোমোৱা বুলি চলোৱা প্রচাৰ মিথ্যাচাৰ আৰ উচটনিৰ বাহিৰে একো নহয়৷ গুৰুত্বপূর্ণ কথাটো এয়ে যে ৩০ জুলাইত এন আৰ চিৰ সম্পূর্ণ খচৰা প্রকাশৰ পাছৰ পৰাই দেশখনৰ সংবাদ মাধ্যমসমূহৰ জৰিয়তে অপপ্রচাৰ চলোৱা হৈছিল৷ অসমত চিনাক্ত হোৱা বিদেশী নাগৰিকসকল বাংলাদেশৰ পৰা অবৈধভাৱে প্রৱেশ কৰাৰ কথা স্বীকাৰ নকৰি কেৱল মুছলমানসকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নোহোৱা বুলি প্রচাৰ কৰা হৈছিল৷ এতিয়া ইয়াক লৈ বাংলাদেশৰ জনতাক সজাগ হ’বলৈ একাংশ বুদ্ধিজীৱীয়ে জনোৱা আহবানকদেশখনৰ চৰকাৰে কি হিচাপে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷


No comments:
Post a Comment