তিতাবৰ : এবিটা কোম্পানীৰ অধীনৰ তিতাবৰ টাইৰুণ চাহ বাগিচাৰ হাতীপাৰা শাখাত কৰ্মৰত ৰাজকুমাৰ গগৈ নামৰ এগৰাকী কৰ্মচাৰীক বাগিচাৰ এজন অনাঅসমীয়া পৰিচালকে কৰ্তব্যৰত অৱস্থাত অসমীয়াৰ স্বাভিমান বিৰোধী কেতবোৰ অশ্লীল মন্তব্য প্ৰদান কৰি চাকৰিৰ পৰা নিলম্বিত কৰাৰ অভিযোগ পোহৰলৈ আহিছে । যাকলৈ আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব তিতাবৰৰ কেইবাটাও জাতীয় সংগঠনে । বাগিছা খনৰ সহ পৰিচালক শ্বেখাৱট উপাধিৰ সহ পৰিচালক গৰাকী কাৰ্যালয়ত উপস্থিত হৈ বাগিচাৰ ক্ষেত্ৰ বিষয়া ৰাজকুমাৰ গগৈক উদ্দেশ্যি অসমীয়াৰ স্বাভিমান বিৰোধী কেতবোৰ মন্তব্য প্ৰদান কৰি ,অশ্লীল গালি গালাজ পৰাৰ লগতে কৰ্মচাৰী জনক উদ্দেশ্যি ইয়াত অসমীয়া গিৰি নচলাবি,ছালফা গিৰি নচলিব আদি কথাৰে অপদস্থ কৰে । ইপিনে বিয়লিলৈ যুৱক জনক নিলম্বিত কৰা বুলি ঘোষণা কৰে। সততে শ্ৰমিক সকলৰ মাজত জনপ্ৰিয় বুলি জানিব পৰা বাগিচাখনৰ ক্ষেত্ৰ বিষয়া জনক নিলম্বিত কৰাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু সদৌ অসম চাহজনজাতি ছাত্ৰ সন্থাই অসমীয়া যুৱক জনৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত বাগিচা খনৰ মুখ্য কাৰ্যলয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এইগৰাকী অনাঅসমীয়া সহকাৰী পৰিচালকে বাগিচাৰ শ্ৰমিক সকলকো দীৰ্ঘদিন ধৰি দুৰ্ব্যৱহাৰ কৰি অহাৰ অভিযোগ উঠিছে। অভিযুক্ত সহকাৰী বাগিচা পৰিচালক জনক অচিৰেই প্ৰশাসনীয়ভাৱে নিয়ন্ত্ৰণ কৰাৰ দাবী উত্থাপিত হৈছে আৰু অতি শীঘ্ৰে অসমীয়া যুৱকজনক পুনৰ চাকৰিত মকৰল কৰিবলৈ সংগঠন সমূহে দাবী জনাইছে অন্যথা সংগঠন সমূহে জঙ্গি আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে বাগান কৰ্তৃপক্ষক ।
Responsive Ads Here
Thursday, August 23, 2018
Home
আঞ্চলিক
তিতাবৰ টাইৰুণ চাহ বাগিচাত উত্তেজনা : অসমীয়া কৰ্মচাৰীক হাৰাশাস্তি : চাৰিতাকৈ জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ
তিতাবৰ টাইৰুণ চাহ বাগিচাত উত্তেজনা : অসমীয়া কৰ্মচাৰীক হাৰাশাস্তি : চাৰিতাকৈ জাতীয় সংগঠনৰ উত্তাল প্ৰতিবাদ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment