কানপুৰত গ্ৰেপ্তাৰ হিজবুল মুজাহিদিনৰ অসমৰ সদস্য কমৰ উজ জামান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, September 13, 2018

কানপুৰত গ্ৰেপ্তাৰ হিজবুল মুজাহিদিনৰ অসমৰ সদস্য কমৰ উজ জামান

গুৱাহাটী : কানপুৰত গ্ৰেপ্তাৰ হ’ল হিজবুল মুজাহিদিনৰ অসমৰ সদস্য কমৰ উজ জামান ওৰফে কমৰুদ্দিন। ডাঃ হুৰেৰা ৰূপেও কুখ্যাত হিজবুল সন্ত্ৰাসবাদীজন বৃহস্পতিবাৰে কানপুৰত উত্তৰ প্ৰদেশৰ এটিএছ-এ গ্ৰেপ্তাৰ কৰে কমৰুদ্দিনক।
হোজাইৰ যমুনামুখত ঘৰ সন্ত্ৰাসবাদী কমৰু-উজ জামানৰ। টলিত বৰ্ষৰ এপ্ৰিলত ছ’চিয়েল মিডিয়া ফেচবুকত একে-৪৭ৰ সৈতে নিজৰে ফটো প্ৰকাশ কৰিছিল কমৰুদ্দিনে। তাৰ পিছৰে পৰা কমৰুদ্দিনৰ সন্ধানত আছিল নিৰাপত্তা সংস্থাসমূহ। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ সহযোগত কানপুৰৰ শিৱনগৰৰ পৰা গ্ৰেপ্তাৰ কৰে কমৰ উজ জামানক।
সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীৰ জেৰাত নিজকে হিজবুলৰ সদস্য বুলি স্বীকাৰ কৰে। গণেশ চতুৰ্থীত কূটাঘাতৰ ভয়ংকৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীজনে। ২০১৭ চনত কাশ্মীৰত ওছামা নামৰ এজনৰ সহযোগত হিজবুল মুজাহিদিনত যোগ দি কিস্তৱাড়ৰ পাৰ্বত্য এলেকাত প্ৰশিক্ষণ লৈছিল কমৰুদ্দিনে। সম্প্ৰতি কানপুৰ আৰক্ষীৰ জিম্মাত আছে সন্ত্ৰাসবাদী কমৰুদ্দিন।

No comments:

Post a Comment

SPONSORED