বৰপেটা : বৰপেটাৰোড আঞ্চলিক বন বিভাগে আজি ভৱানীপুৰৰ সমীপৰ টাপাৰ জামতলত এডাল অজগৰ উদ্ধাৰ কৰে৷ প্ৰায় আঠ ফুট দৈৰ্ঘৰ অজগৰ ডাল উদ্ধাৰ কৰাৰ কৰি বন বিভাগৰ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়ে। আজি জামতলৰ স্থানীয় ৰাইজে এডাল আহত গছৰ ওপৰত অজগৰডাল প্ৰত্যক্ষ কৰে । তাৰপিচতে স্থানীয় লোকে বৰপেটাৰোড বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়ে ৷ এই খবৰৰ ভিত্তিত বন বিভাগৰ লোক জামতলত উপস্থিত হৈ অজগৰ ডাল উদ্ধাৰ কৰে। বন বিভাগে জনোৱা মতে, গছডালৰ প্ৰায় ৪০ ফুট উচ্চতাত আশ্ৰয় লৈ থকা অজগৰডাল বন কৰ্মীএগৰাকীয়ে গছৰ ওপৰত উঠি অতি কৌশলেৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ স্থানীয় লোকে বনকৰ্মীগৰাকীৰ সাহসিকতাৰ শলাগ লৈছে ৷
Responsive Ads Here
Tuesday, September 18, 2018

ভৱানীপুৰৰ টাপাত অজগৰ উদ্ধাৰ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment