তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত মুছলমানপাৰা গাঁৱত তামাৰহাট থানা আৰক্ষীয়ে সোমবাৰে এক ট্ৰাক অবৈধ চিমেণ্ট জব্দ কৰে। মেঘালয়ৰ ইষ্ট জয়ন্তীয়া পাহাৰৰ অমৃত চিমেণ্ট কাৰখানাৰ চিমেণ্ট বুলি নিশ্চিত কৰে আৰক্ষীয়ে।
ঘটনাৰ বিৱৰণী মতে, ইউ পি ৭১ টি ২৩৮৩ নম্বৰৰ বাৰ চকীযা ট্ৰাক খনৰে সুদূৰ উত্তৰ প্ৰদেশৰ ৰামপুৰৰ চালক মুক্তিয়াৰ আহমেদ ইষ্ট জয়ন্তীয়া পাহাৰৰ অমৃত চিমেণ্ট কাৰখানাৰ পৰা চিমেণ্ট ভৰ্ত্তি ট্ৰাকখন লৈ গন্তব্যস্থল গুৱাহাটী মহানগৰীৰ আমিনগাঁৱৰ গৌৰীপুৰৰ ডাম্পস্থিত গোডাউন লৈ যাত্ৰা কৰে। কিন্তু চালক মুক্তিয়াৰ আহমেদে গন্তব্যস্থানলৈ যোৱাৰ পৰিৱৰ্তে অসম-পশ্চিমবংগ সীমান্তস্থিত তামাৰহাট থানাৰ অন্তৰ্গত মুছলমান পাৰা গাঁৱলৈ চিমেণ্ট ভৰ্তি ট্ৰাকখন আনি বিভিন্ন স্থানত তথা দোকানত নিম্ন দৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।
ট্ৰাক চালকৰ এই সমস্ত কু-কৰ্ম তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱৰাজ কলিতাই অৱগত হৈ ট্ৰাকখন জব্দ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা ট্ৰাকচালক মুক্তিয়াৰ আহমেদক আটক কৰে। পিছত এই সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০বি /৪০৬/৩৭৯/৪১১ত ২৩৭/১৮ নম্বৰত গোচৰ ৰুজু কৰি মঙলবাৰে ধুবুৰী জেললৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে একাংশ স্থানীয় সচেতন ৰাইজৰ সহায়ত তামাৰহাটৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে প্ৰায় ২০০ বেগ অমৃত চিমেণ্ট উদ্ধাৰ কৰি থানালৈ নিয়ে।
No comments:
Post a Comment