গোৱালপাৰা জিলাত চোৰাং কাঠৰ ৰমৰমীয়া বেহা, দুধনৈত চলি আছে অবৈধ কাঠ ফলা মিল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 15, 2018

গোৱালপাৰা জিলাত চোৰাং কাঠৰ ৰমৰমীয়া বেহা, দুধনৈত চলি আছে অবৈধ কাঠ ফলা মিল


গোৱালপাৰা  : গোৱালপাৰা জিলাৰ বন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতা তথা একাংশৰ দুৰ্নীতিপৰায়ণতাৰ সুযোগ লৈ সমগ্ৰ জিলাখনত কাঠৰ ৰমৰমীয়া চোৰাং ব্যৱসায় চলাৰ সমান্তৰালভাৱে বহু ঠাইত কাঠ ফলা মিল চলি আছে। জিলাখনৰ ৰংজুলি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন ঠাইত এতিয়াও চলি আছে অবৈধ কাঠ ফলা মিল।

শেহতীয়াকৈ প্ৰাপ্ত তথ্য মতে, ৰংজুলি বনাঞ্চলিক বিভাগৰ অধীনস্থ দুধনৈ অঞ্চলত একাংশ অসাধু ব্যক্তিয়ে এতিয়াও চলাই আছে কেইবাটাও অবৈধ কাঠ ফলা মিল। এই ক্ষেত্ৰত বন বিভাগ আৰু আৰক্ষীৰ গোপন মিতিৰালিত মিলসমূহ চলি থকা বুলি একাংশ লোকে অভিযোগ কৰিছে। উল্লেখযোগ্য যে, দুধনৈ চাৰিআলি সংলগ্ন ৬২নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বাখ্ৰাখুটিত গোপনে চলোৱা অনুসন্ধানত এই তথ্য সত্য বুলি প্ৰমাণিত হৈছে। এই মিলসমূহলৈ দুধনৈ নদীৰে শাল, চেগুণ, গমাৰী, শিশু আদি অপৈণত বহু মুল্যৱান কাঠ আনি ফলাৰ লগতে বন বিভাগ তথা আৰক্ষীৰ চকুৰ সন্মুখতে চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়। দু়ধনৈ ছেইন্ট পিটাৰ্ছ অকাডে‌মিৰ কাষতে থকা অবৈধ মিলটোৰ পৰাই চলাই গৈছে কাঠৰ চোৰাং ব্যবসায়। দামৰা খণ্ড বন বিভাগ আৰু দামৰা আৰক্ষী চকীৰ কাষতে এই অবৈধ মিলটো কাৰ আশীৰ্বাদত নিৰ্বিঘ্নে চলি আছে সেয়া ৰহস্যৰ আৱৰ্তত।

বিশেষ সূত্ৰে জানিব পৰা মতে, এই মিলটোৰ লগতে ১২ টা অবৈধ মিল এই অঞ্চলটোত চলি আছে। এই মিলসমূহত মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ পৰাও বহু কাঠ চোৰাংকৈ আহে বুলি বিশেষ সূত্ৰে প্ৰকাশ। বনাঞ্চল ধ্বংস কৰি একাংশ অসাধু লোকে চলাই যোৱা অবৈধ চোৰাং কাঠৰ ব্যবসায় বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবনে নাই তাক লৈ সচেতন ৰাইজৰ মাজত ব্যাপক চৰ্চা হৈছে।

No comments:

Post a Comment

SPONSORED