বিজয় মালিয়াৰ পলায়ন আৰু বিত্তমন্ত্ৰীঃ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মাজুলী - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, September 14, 2018

বিজয় মালিয়াৰ পলায়ন আৰু বিত্তমন্ত্ৰীঃ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মাজুলী


মাজুলী : সুৰা ব্যৱসায়ী বিজয় মালিয়াই দিয়া বিস্ফোৰক মন্তব্যক লৈ দেশৰ ৰাজনীতি গৰম হৈ পৰিছে। মালিয়াৰ মন্তব্যৰ পাছতেই কংগ্ৰেছে বিত্ত মন্ত্ৰী অৰুণ জেটলিৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে। বিজয় মালিয়াৰ সংসদৰ চেণ্ট্ৰেল হলত দেশ এৰাৰ আগতে অৰুণ জেটলিৰ লগত প্ৰায় ১৫-২০ সময় কথা পতাৰ বিষয়টোত কংগ্ৰেছে ৰহস্যৰ গোন্ধ পাইছে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ সুৰতে সুৰ মিলাই কংগ্ৰেছৰ নেতা-কৰ্মীসকলেও অৰুণ জেটলিয়ে সুৰা সম্ৰাট বিজয় মালিয়াই দেশ এৰাত সহায় কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে।

এই বিষয়টোত সমগ্র দেশজুৰি কংগ্ৰেছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী সমষ্টিতো কংগ্ৰেছে আজি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। মাজুলী যুৱ কংগ্ৰেছৰ নেতৃত্বত আৰু ক্ৰমে জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, ব্লক যুৱ কংগ্ৰেছ আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইৰ সহযোগত মাজুলীৰ জেংৰাইমুখত ক্ৰমে বিত্ত মন্ত্ৰী অৰুণ জেটলি, বিজয় মালিয়া আৰু প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদত প্ৰাক্তন মন্ত্ৰী তথা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ লোচন পেগুৱেও অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলক জেংৰাইমুখ আৰক্ষীয়ে আটক কৰি বৰ্তমান জেংৰাইমুখ থানাতে ৰাখিছে বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment

SPONSORED