তিতাবৰ : তিতাবৰত পুৱতি নিশা উজনিমুৱা লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে'লগাড়ীৰ খুন্দাত এটি ৪/৫ বছৰীয়া হাতী পোৱালীৰ অকাল মৃত্যু ঘটে । দুৰ্ঘটনাটোৰ ফলত ৰে'লপথৰ পৰা লাইনচ্যুত হৈ পৰে ৰে'ল গাড়ীখন । ফলত এক সম্ভাব্য ভয়াবহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে শ শ ৰে'ল যাত্ৰী।এই ঘটনাটো সংঘটিত হয় খোদ তিতাবৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ পিছফালে।দুৰ্ঘটনাৰ পিছত ৰে'লগাড়ীখনৰ দুটাকৈ ডবা লাইনচ্যুত হৈ পৰে।ফলত বহু সময়ধৰি ঘন জংঘলৰ মাজত যাত্ৰীসহ আবদ্ধ হৈ পৰে উজনিমুৱা লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে'লখন । উল্লেখ্য যে মৰিয়ণিৰ গিবণ অভৰায়ণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা ৭০-৮০ জনীয়া বন্য হস্তীৰ এটি দলে বিগত প্ৰায় এমাহদিন ধৰি তিতাবৰৰ লেটেকুজান, ৰঙাজান,ধলি,শান্তিপুৰ,পূবালী নগৰ,জ্যোতি নগৰ আদি অঞ্চলত উপদ্ৰৱ অব্যাহত ৰাখিছে।হাতীৰ জাকটোৱে পথাৰৰ পকা ধান,কলগছ,শস্য খাই নষ্ট কৰাৰ উপৰিও বহুকেইটা বাসগৃহও ভাঙি অনিষ্ট সাধন কৰি আহিছে।বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ দুৰ্ঘটনাটোৰ তদাৰক কৰে আৰু মৃত হাতী পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা কৰি দুৰ্ঘটনাস্থলীৰ সমীপতে মৃতদেহ সৎকাৰ কৰে।ইপিনে ৰে'লৱে বিভাগে তৎপৰতাৰে হাবিৰ মাজত আবদ্ধ হৈ থকা ৰে'লগাড়ীখন উদ্ধাৰ কৰি পুনৰ গন্তব্যস্থানলৈ চলাচল কৰাৰ সুবিধা কৰি দিয়ে।উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি তিতাবৰত মৰিয়ণিৰ গিবণ অভৰায়ণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বন্য হস্তীয়ে তিতাবৰৰ বিভিন্ন অঞ্চলত ভয়াবহ ত্ৰাসৰ সৃষ্টি কৰি আহিছে।আনহাতে বনবিভাগে হাতীৰ কৰিডৰ হিচাপে পৰিগণিত হৈ থকা তিতাবৰৰ পূব অংশত ৰে'লগাড়ীৰ গতিবেগ কমাব লাগে যদিও এই কার্য ৰে'লৱে বিভাগে কাৰ্যকৰী নকৰাৰ ফলতেই আজি পুৱতি নিশা দ্ৰুতবেগী ৰে'লখনৰ খুন্দাত হাতী পোৱালিটোৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰিছে।।
Responsive Ads Here
Wednesday, November 21, 2018

Home
আঞ্চলিক
তিতাবৰত পুৱতি নিশা ভয়াবহ ৰে'ল দুৰ্ঘটনা : ৰে'লৰ খুন্দাত মৃত্যু এটি হাতী পোৱালি : মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ৰেলযাত্ৰী
তিতাবৰত পুৱতি নিশা ভয়াবহ ৰে'ল দুৰ্ঘটনা : ৰে'লৰ খুন্দাত মৃত্যু এটি হাতী পোৱালি : মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ৰেলযাত্ৰী
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)