দৰং : যোৱা ৫ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছত আজি দৰঙৰ দলগাঁও সমষ্টিত জাবৰত বেলট পেপাৰ উদ্ধাৰক লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দৰং জিলাৰ দলগাঁও ৰাজহ চক্রৰ অন্তৰ্গত ৬১নং গলন্দি গাঁও পঞ্চায়তৰ ৩নং গলন্দি আৰু ২নং গলন্দি গাঁৱৰ ২নং গলন্দি কাষ প্রাথমিক বিদ্যালয়ৰ ভোট গ্রহণ কেন্দ্রৰ পিছফালে জাবৰ-জোথৰৰ পৰা উঠাই লৈ কণ কণ শিশুৱে খেলি থকা অৱস্থাত ভোটাৰ ৰাইজে ভোটদান কৰা শতাধিক বেলট পেপাৰ উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে, ৪৬৭৯, ০৫০৯, ৪২৩১৭, ৫১২৯, ৪১৮৪, ৪১৮৯৯ আদি ক্রমিক নং নম্বৰৰ বেলট পেপাৰসমূহ ৰাইজে উদ্ধাৰ কৰিছে। ৰাইজে জিলাৰ প্রশাসনৰ ওপৰত সন্দেহ ব্যক্ত কৰিছে। ৰাইজৰ প্ৰশ্ন বেলট পেপাৰসমূহ জাবৰৰ দ’মলৈ কেনেকৈ গ’ল? এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে পুনৰ ভোট গ্রহণ অনুষ্ঠিত কৰিবলৈ তথা দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ চৰকাৰৰ ওচৰত ৰাইজে দাবী জনাইছে। বৰ্তমান ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
উল্লেখযোগ্য যে, উদ্ধাৰ হোৱা ভোটদানৰ বেলট পেপাৰৰ অধিকাংশতে এ আই ইউ ডি এফ দলৰ তলা-চাবিৰ চিহ্নত ভোটদান কৰা দেখা গৈছে আৰু লগতে হাতৰ চিহ্নতো ভোটদান কৰা বেলট পেপাৰ দেখা গৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত দলীয় সমৰ্থক সকলৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে।