ভাৰতৰ দ্ৰুতগামী ৰে'ললৈ দলিয়ালে শিলগুটি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, December 21, 2018

ভাৰতৰ দ্ৰুতগামী ৰে'ললৈ দলিয়ালে শিলগুটি


নতুন দিল্লীঃ দিল্লীৰপৰা আগ্ৰালৈ নতুনকৈ আৰম্ভ কৰিবলগীয়া ভাৰতৰ দ্ৰুতগামী ৰে'লখনলৈ শিলগুটি দলিওৱা ঘটনা সংঘটিত হৈছে। অহা ২৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিবলগীয়া 'ট্ৰেইন ১৮' নামৰ এই ৰে'লখনৰ এক পৰীক্ষামূলক যাত্ৰাৰ সময়ত বৃহস্পতিবাৰে এই ঘটনাটো সংঘটিত হয়।

ৰেলৱেৰ সূত্ৰই প্ৰকাশ কৰে যে আজি ৰে'লখন পৰীক্ষামূলকভাৱে প্ৰতি ঘণ্টাত ১৮১ কিল'মিটাৰ বেগেৰে গৈ থকা অৱস্থাত কোনো দুষ্কৃতিকাৰীয়ে ৰে'লখনলৈ শিলগুটি দলিয়ায়। ফলত ৰে'লখনৰ এখন আইনা ভাগি যায়।

উল্লেখ্য যে ট্ৰেইন ১৮ ৰে'লগাড়ীখন ১০০ কোটি টকা ব্যয়েৰে আই চি এফ চেন্নতাই নিৰ্মান কৰা হৈছে।

SPONSORED