স্পষ্ট হোৱা নাই অগপ-বিজেপিৰ মিত্রতা প্রসংগ, দুয়োটা দলৰে তৃণমূলৰ কর্মীৰ আপত্তি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, March 12, 2019

স্পষ্ট হোৱা নাই অগপ-বিজেপিৰ মিত্রতা প্রসংগ, দুয়োটা দলৰে তৃণমূলৰ কর্মীৰ আপত্তি

গুৱাহাটী : অস্পষ্ট হৈয়েই থাকিল অগপ-বিজেপিৰ মিত্রতা৷ মিত্রতাৰ বাবে আঞ্চলিক দল অগপই অপেক্ষা কৰি থকাৰ সময়তে মিত্রতাৰ কোনো ইংগিত নিদিলে বিজেপিৰ নেতা ড০ হিমন্ত বিশ্ব শর্মাই৷



মিত্রতাৰ প্রসংগত শর্মাই আজি সংবাদ মাধ্যমৰ আগত কয় যে অগপৰ কোনো নেতাই বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ লগত কোনো আলোচনা কৰা নাই৷ মিত্রতাক লৈ মুখ্যমন্ত্রী বা বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতো কোনো কথা আলোচনা কৰা নাই৷ ইফালে তৃণমূলৰ কর্মীয়ে মিত্রতা নিবিচৰাৰ কথা উল্লেখ কৰি শর্মাই কয় যে অগপৰ তৃণমূলৰ কর্মীয়েও মিত্রতা নিবিচাৰে, বিজেপিৰ তৃণমূলৰ কর্মীয়েও মিত্রতা নিবিচাৰে৷

সেয়ে মিত্রতা হ’ব নে নহয় এই সন্দর্ভত বিষয়টো অস্পষ্ট হৈ পৰাৰ ইংগিত দি শর্মাই কয় যে যদি বিজেপিৰ কেন্দ্রীয় নেতৃত্বৰ লগত অগপই বিষয়টো আলোচনা কৰিছে তেন্তে সেই সন্দর্ভত বিজেপিৰ ৰাজ্যিক নেতৃত্ব জ্ঞাত নহয়৷ অৱশ্যে তাৰ মাজতেই আলোচনাৰ এক সুযোগ থকাৰইংগিত দিয়ে শর্মাই৷ তেওঁ জনায় যে বিজেপিৰ ৰাষ্ট্রীয় নেতা ৰাম মাধৱৰ লগত আলোচনা হ’ব পাৰে৷ ইফালে আজি নিশা অগপৰ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় যদিও সেই বৈঠকেও মিত্রতা কৰা- নকৰা সন্দর্ভত কোনো সিদ্ধান্ত ল’ব নোৱাৰিলে৷ বিপৰীতে প্রার্থীৰ কথাহে বিবেচনা কৰে৷

SPONSORED