> বেষ্ট এণ্ডৰ ৭৫ কোটিটকীয়া বিলাসী অট্টালিকাৰ ফ্লেটত থাকে ভাৰতৰ পলাতক অপৰাধী
> নতুনকৈ আৰম্ভ কৰিছে হীৰা ব্যৱসায়৷
> প্রত্যর্পণৰ অনুৰােধত ব্রিটিছ চৰকাৰৰ অনুমােদন।
> গ্রেপ্তাৰী পৰােৱানা জাৰিৰ পাচতে যাব ই ডি-চি বি আইৰ দল৷
> নতুনকৈ আৰম্ভ কৰিছে হীৰা ব্যৱসায়৷
> প্রত্যর্পণৰ অনুৰােধত ব্রিটিছ চৰকাৰৰ অনুমােদন।
> গ্রেপ্তাৰী পৰােৱানা জাৰিৰ পাচতে যাব ই ডি-চি বি আইৰ দল৷
ৱেব সংবাদ : পলাতক হীৰা ব্যৱসায়ী নীৰৱ মােডীৰ প্রত্যর্পণৰ বাবে জনােৱা অনুৰােধত ব্রিটেইনৰ গৃহ সচিবে অনুমােদন জনাইছে আৰু এই অনুৰােধপত্র। প্রাথমিক আইনী ব্যৱস্থা গ্ৰহণৰ বাবে লণ্ডনৰ ৱেষ্টমিনষ্টাৰ দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰা হৈছে। ব্রিটেইনৰ গৃহ সচিবে আজি বিধি বলরকাৰী সঞ্চালকালয়লৈ ই ডি) প্ৰেৰণ কৰা ই-মেইলত এই কথা প্রকাশ কৰে।
মােডীৰ বিৰুদ্ধে থকা বেংক-প্ৰৱঞ্চনাৰ গােচৰটোত গ্রেপ্তাৰী পৰােরানা জাৰি কৰিব পৰা যায় বুলিও মন্তব্য দিয়ে গৃহ সচিবগৰাকীয়ে। নিয়মানুযায়ী, এই অনুৰােধপত্ৰৰ প্ৰয়ােজনীয় পৰীক্ষা কৰি নীৰৱ মােডীৰ বিৰুদ্ধে বেষ্টমিষ্টাৰ আদালতে গ্রেপ্তাৰী পােরানা জাৰি কৰিব। এই পৰােৱানা মােডীৰ মধ্য লণ্ডনৰ অল্ড টটেনহাম বােৰ্ডৰ চেণ্টাৰ পইণ্টত থকা বাসগৃহত দি অহা হ'ব। এই গ্রেপ্তাৰী পৰারানা জাৰি হােৱাৰ লগে লগেই চি বি আই আৰু ই ডিৰ বিষয়াবৰ্গৰ এটা দল লণ্ডনলৈ ৰাওনা হ'ব। নীৰৱ মােডী আৰু তেওঁৰ মােমায়েক মেল চোছিয়ে পাঞ্জাব নেচনেল বেংকৰ মুম্বাইৰ ব্রেডী হাউছ শাখাত ১৩ হেজাৰ কোটি টকাৰ ঋণ জালিয়াতি কৰাৰ তথ্য যােৱা বছৰ পােহৰলৈ অহাৰ পাচত চি বি আই আৰু ই ডিয়ে ইয়াৰ তদন্তৰ দায়িত্ব লৈছিল। দুয়ােজন অভিযুক্তকে ভাৰতলৈ প্রত্যর্পণৰ বাবেও প্রচেষ্টা চলাই আহিছে তদন্তকাৰী সংস্থা দুটাই।
ইপিনে হীৰা ব্যৱসায়ী নীৰৱ মােডী লণ্ডনৰ রেষ্ট এণ্ডত নিৰাপদে বাস কৰি আছে বুলি প্রকাশ পাইছে ব্রিটেইনৰ সংবাদ মাধ্যমত। ইউ কে ডেইলী টেলিগ্রাফ কাকতে আজি মােডীৰ এটা ভিডিঅ' আৰু সাক্ষাৎকাৰ প্রকাশ কৰে। একাছিভ ও ইণ্ডিয়াজ ম’ষ্ট রান্টেড মেন' শীর্ষক ভিডিঅ'টোত দেখা গেছে চেহেৰাৰ পৰিবৰ্তন আহিছে ৪৮ বছৰীয়া নীৰৱ মােডীৰ ওজন বৃদ্ধি হৈছে আৰু নাকৰ তলত দেখা গৈছে গোঁফ। ভাৰতৰ লগতে ইণ্টাৰপ’লৰ বেড কর্নাৰ জাননীও আছে তেওঁৰ বিৰুদ্ধে। লণ্ডনৰ এটা ৮ মিলিয়ন পাউণ্ড (৭৫ কোটি টকা) মূল্যৰ বিলাসী অট্টালিকাৰ এটা ফ্লেটত ১৭,০০০ পাউণ্ড প্রতি মাহে ভাড়া দি থাকে নীবর মােডড়ী৷
জানিব পৰামতে ছােহােত হীৰাৰ নতুন ব্যৱসায়াে আৰম্ভ কৰিছে। ভিডিঅ'টোত দেখা পােরা অনুসৰি মােডীৰ পিন্ধনত আছে অষ্ট্ৰিকৰ ছালেৰে তৈয়াৰ কৰা ১০ হেজাৰ পাউণ্ড মূল্যৰ জেকেট। ইয়াৰ ভাৰতীয় মূল্য হ'ব ৯ লাখ টকাৰাে বেছি। উল্লেখযােগ্য যে বিদেশ ভ্রমণত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে পৰিধান কৰা এটা ১০ লাখ টাকা মূল্যৰ জেকেটক কেন্দ্ৰ কৰি বিৰােধী সমালােচনামুখৰ হৈ উঠিছিল। এতিয়া এজন ভাৰতীয় পলাতক হীৰা ব্যৱসায়ীয়ে ৯ লাখ টকাৰাে অধিক মূল্য জেকেট পিন্ধা বিষয়টো স্বাভাৱিকতে চৰ্চিত হৈছে।
টুইটাৰত ভি ডি অটো আপল'ড কৰাৰ পাচতে কংগ্ৰেছে নিজৰ টুইটাৰ হেণ্ডলত লিখে—টেলিগ্রাফ সাংবাদিকে নীৰৱ মােডীক বিচাৰি পালে। তেন্তে মােড়ী চৰকাৰে কিয় নাপালে? কাক আঁৰত ৰখাৰ চেষ্টা কৰিছেনৰেন্দ্ৰ মােডীয়ে নিজক নে নীৰর মােড়ীক? নে সেইসকলক, যিসকলে নীৰৱ মােডীৰ পলায়নত সহায় কৰিছিল? চি পি আই (এম) নেতা সীতাৰাম য়েচুৰীয়ে অভিযােগ কৰে যে তথাকথিত চকীদাৰে নিজেই অন্তৰংগ বন্ধুক চুৰ কৰি পলাই যাবলৈ সুযােগ দিছে। নেচনেল কনফাৰেন্সৰ নেতা ফারুক আব্দুল্লা, কংগ্রেছৰ মুখপাত্র ৰণদীপ সিং সূর্যোেলা, প্রাক্তন মন্ত্রী পি চিদম্বৰম, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আদিয়েও এই প্রসংগত প্রধানমন্ত্ৰীক লক্ষ্য কৰি লয়। ইয়াৰ বিপৰীতে নতুন দিল্লীত সংবাদমেলত বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী প্রকাশ জাভেড়কাৰে কয় যে নীৰ মােডীৰ সৈতে কংগ্ৰেছৰ সম্পর্ক দীর্ঘদিনব। ৰাহুল গান্ধী ২০১৩ চনৰ ১৩ ছেপ্টেম্বৰত মােডীৰ গীতাঞ্জলি সংস্থাৰ অনুষ্ঠানত উপস্থিত আছিল আৰু ইয়াৰ পিচদিনাই এলাহাবাদ বেংকে মােডীক ১,৫০০ কোটি টকাৰ ঋণ দিছিল। বিজেপিৰ টুইটাৰ হেণ্ডলত কোৱা হয়— ‘২০১১ চনত ইউ পি এ দিনতে বেংক জালিয়াতি আৰম্ভ কৰিছিল নীৰৰ মােডীয়ে। কিন্তু নৰেন্দ্ৰ মােডী চৰকাৰৰ দিনত এই জালিয়াতি পােহৰলৈ আহে।